গোলাঘাট,4 নৱেম্বৰঃ গোলাঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ। বুধবাৰে গোলাঘাট নগৰৰ বাটা পইন্টত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতি আৰু পুলিবৰ আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।
গোলাঘাটত মুখ্যমন্ত্ৰী আৰু যোগান বিভাগৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ - মূল্য বৃদ্ধিয়ে জনসাধাৰণ
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰোধিতা কৰি এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৱে বজাৰত মূল্য বৃদ্ধিয়ে জনসাধাৰণৰ টোপনি হৰি নিছে বুলি অভিযোগ তুলি যোগান মন্ত্ৰীগৰাকী নিদ্ৰাত মগ্ন বুলি কটাক্ষ কৰে ।
![গোলাঘাটত মুখ্যমন্ত্ৰী আৰু যোগান বিভাগৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ effigy burn at golaghat supply minister fani bhusan choudhory and cheif minister](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9430062-901-9430062-1604491764729.jpg)
গোলাঘাটত মুখ্যমন্ত্ৰী আৰু যোগান বিভাগৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ
উল্লেখযোগ্য যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰোধিতা কৰি এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৱে বজাৰত মূল্য বৃদ্ধিয়ে জনসাধাৰণৰ টোপনি হৰি নিছে বুলি অভিযোগ তুলি যোগান মন্ত্ৰীগৰাকী নিদ্ৰাত মগ্ন বুলি কটাক্ষ কৰে । আলু, পিয়াঁজ, মিঠাতেল আদি সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ মানুহক। যদিহে চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে তেন্তে যোগান মন্ত্ৰী জনক পদত্যাগৰ দাবী তোলে সংগঠনটোৱে ।