বছৰ বাগৰি পদুলীমুখত ৰঙৰ ৰঙালী....
এফালে কৰণা'ৰ আতংক, আনফালে চৰকাৰী লকডাউন । কিন্তু নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থতে চৰকাৰী নীতি নিৰ্দেশনাৰ মাজৰে কেৱল পৰিয়ালৰ সদস্যৰ সৈতে বিহুৰ মাদকতা উপলব্ধি কৰিবলৈ ঘৰৰ গৃহিনী গৰাকীয়ে প্ৰস্তুত কৰিছে পিঠা পনা । নতুন বছৰৰ প্ৰথম দিনটোত সন্তানক এযোৰ নতুন সাজ উপহাৰ দিবলৈ নোপোৱাৰ কোনো আক্ষেপ কৰা নাই পিতৃ-মাতৃয়ে ৷ অনিশ্চয়তা আৰু সংকটৰ মাজতো হেপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া....