সৰুপথাৰ,11 ছেপ্তেম্বৰ:গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলুচাপৰিত শনিবাৰে ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞা আৰু বৰপথাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত বিয়লি চলা এক গোপন অভিযানত নিষিদ্ধ ড্ৰাগছসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ।
জানিব পৰা মতে, যুৱকজনৰ পৰা প্ৰায় ২৫ গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলটোৱে । ধৃত যুৱকজন তিনিচুকীয়া জিলাৰ মাকুমৰ দীঘল সাকুৰ নগেন চুতীয়াৰ পুত্ৰ চুতুকন চুতীয়া বুলি জানিব পৰা গৈছে । যুৱক জনৰ পৰা ড্ৰাগছৰ উপৰিও দুটা প্লাষ্টিকৰ টেমা, নগদ ১,২৬০ টকা আৰু এটা কি-পেইড মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।
উল্লেখযোগ্য যে, ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিয়েই ৰাজ্যখনৰ পৰা ড্ৰাগছৰ লগতে নিচাজাতীয় সামগ্ৰী সমূহৰ প্ৰচলন আৰু ব্যৱসায় বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল অসম আৰক্ষীক ৷ অসম আৰক্ষীয়েও মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ লাভ কৰি ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ অভিযান চলাইছিল ৷
লগতে পঢ়কঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নান্দনিক দৃশ্যই মুগ্ধ কৰিছে দৰ্শনাৰ্থীক