অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সঞ্জু আলী - ডিমাপুৰৰ ডিডি

সৰুপথাৰৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সঞ্জু আলী (Drugs peddler arrested)। চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডকে ধৰি সমগ্ৰ অসমতো ড্ৰাগছৰ ব্যৱসায় চলাই আহা ডিমাপুৰৰ ডিডিৰ সৈতে অসমত ড্ৰাগছৰ মুখ্য সৰবৰাহকাৰী হিচাপে জড়িত আছিল ধৃত সঞ্জু আলী ৷ সঞ্জু আলীৰ গ্ৰেপ্তাৰত কিছু স্বস্তিৰ নিশ্বাস এৰিছে গোলাঘাট আৰক্ষীয়ে ৷

আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সঞ্জু আলী
আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সঞ্জু আলী

By

Published : Apr 5, 2022, 4:19 PM IST

গোলাঘাট, 5 এপ্ৰিল : সৰুপথাৰআৰক্ষীৰ বৃহৎ সফলতা । গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সঞ্জু আলী (Drugs peddler arrested) । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ধনশিৰি মহকুমাৰ লগতে উজনি অসমত ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছিল আটকাধীন কুখ্যাত ড্ৰাগছ বেপাৰী সঞ্জু আলীয়ে ।

তথ্য অনুসৰি, সোমবাৰে দিনৰ ভাগত কাৰ্বি আংলং জিলাৰ খটখটিৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ লগতে আৰক্ষীয়ে আটক কৰে এজন সৰবৰাহকাৰীক ৷ আটকাধীন লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই সোমবাৰে নিশা সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অতি কৌশলেৰে ধৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহৰ মাষ্টাৰ মাইণ্ড সঞ্জু আলীক ৷

আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সঞ্জু আলী

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও গোলাঘাট আৰক্ষীয়ে সঞ্জু আলীৰ লগতে তেওঁক বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক কৰিবলৈ সক্ষম হৈছিল । কিন্তু জামিনত মুক্তি লাভ কৰিয়েই পুনৰ ড্ৰাগছৰ ব্যৱসায়ত নামি পৰে সঞ্জু আলী । কেৱল ড্ৰাগছ ব্যৱসায়েই নহয়, ২০২০ চনৰ এপ্ৰিল মাহত সৰুপথাৰত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ লগতো জড়িত আছিল ধৃত সঞ্জু ।

লগতে পঢ়ক :Ganja Seized in Karimganj : অসম-ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ৪ লাখ টকাৰ গাঞ্জা

তথ্য অনুসৰি, ২০২০ চনৰ এপ্ৰিল মাহত সৰুপথাৰ নগৰৰ মাজ মজিয়াত নকচু খান নামৰ এজন যুৱকক সঞ্জু আলীয়ে তেওঁৰ তিনি ভাতৃৰ সৈতে মিলি হত্যা কৰিছিল ৷ ইফালে আৰক্ষীৰ এক গোপন সূত্ৰৰ পমখেদি লাভ কৰা তথ্য অনুসৰি, চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডকে ধৰি সমগ্ৰ অসমত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে ডিমাপুৰৰ ডিডিয়ে ৷

এই ডিডিৰ সৈতে অসমত ড্ৰাগছৰ মুখ্য সৰবৰাহকাৰী হিচাপে জড়িত আছিল ধৃত সঞ্জু আলী । ইফালে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত আশা প্ৰকাশ কৰিছে যে, আটকাধীন সঞ্জু আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত উজনি অসমৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকা চক্ৰটোকো আটক কৰিবলৈ সক্ষম হ’ব আৰক্ষী ।

উল্লেখ্য যে, মঙলবাৰে ধৃত সঞ্জুক খটখটি থানাত ৩৫/২২ নম্বৰৰ বিপৰীতে এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ২১ চি/২৪/২৯ NDPS Act ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক :হায়দৰাবাদত 'Most Wanted' চোৰ মুচুক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details