সৰুপথাৰ, ১৫ অক্টোবৰ:চাৰিওফালে দুৰ্গা পূজাক লৈ আনন্দ উল্লাহ । কিন্তু ইয়াৰ মাজতে ড্ৰাগছৰ প্ৰসংগই পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে গোলাঘাটত জিলাত । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি আছে যদিও উৎসৱৰ বতৰত একাংশ দুষ্টচক্ৰই ড্ৰাগছৰ ব্যৱসায় চলাই গৈছে ।
মহা সপ্তমীৰ দিনটোতে জিলাখনৰ বৰপথাৰত সংঘটিত হৈছিল এক মৰ্মান্তিক ঘটনা । নিশা বন্ধুৰ সৈতে ড্ৰাগছ সেৱন কৰি অৱশেষত মৃত্যুক আঁকোৱালি লৈছিল এজন যুৱকে । এই ঘটনাৰ পাছতে বৰপথাৰ আৰক্ষী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল । অৱশ্যে এই ঘটনাৰ সৈতে জড়িত চাৰিজনক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।