গোলাঘাট, 18 আগষ্টঃ গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা অৱ্যাহত। গোলাঘাট নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ ব্যৱসায় পুনৰ মুকলি হোৱাত ইয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী । গোলাঘাট আৰক্ষীৰ এটা দলে নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলাসহ ১০ টা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত চলা এই অভিযানত এটাৰ পাছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।
লক ডাউনৰ মাজতে গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা - গোলাঘাট নগৰৰ কলেজ তিনি আলি
গোলাঘাট নগৰৰ অন্যতম ড্ৰাগছ সৰবৰাহকাৰী ৱাহিদ এতিয়া পলাতক । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলাসহ ১০ টা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম গোলাঘাট আৰক্ষী ৷
গোলাঘাট নগৰৰ কলেজ তিনিআলি আৰু শান্তিপুৰত এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাওতে প্ৰথমে দুজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ পাচতে কেইবাটাও ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰে আৰক্ষীৰ অভিযান কাৰী দলটোৱে। আটক কৰা ড্ৰাগছ সৰবৰাহ কাৰী কেইটা হৈছে ক্ৰমে ধাই ছেত্ৰী, ইলিয়াছ আলী, দ্বীপজ্যোতি দাস , চাহিদুৰ আলী, ৰক্তীম হাতীবৰুৱা ,অকনী দাস , পাপু আলী আৰু মৰ্জিনা বেগম। অবশ্যে এই পৰ্যন্ত আৰক্ষীয়ে মুল ড্ৰাগছ ব্যৱসায়ী ৱাহিদক আটক কৰিবলৈ সক্ষম হোৱা নাই। গোলাঘাট নগৰৰ অন্যতম ড্ৰাগছ সৰবৰাহকাৰী ৱাহিদ এতিয়া পলাতক অৱস্থাত। উল্লেখ যে, লক ডাউন বাবে দীৰ্ঘদিন ধৰি গোলাঘাটত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান নচলোৱাৰ বাবে নগৰখনত পুনৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ হৈছে স্থানীয় সচেতন লোকে মন্তব্য প্ৰকাশ কৰে ।
লগতে পঢ়কঃ7 চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব তেলেংগানা বিধানসভাৰ বৰ্ষা অধিৱেশন