গোলাঘাট,21 মে’: গোলাঘাটত ক’ৰণাৰ সমান্তৰালকৈ ভয়াৱহভাৱে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ, ভাং আদিৰ বেহা । শুকুৰবাৰে গোলাঘাটৰ ফৰকাটিং আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ভাং সৰবৰাহকাৰীক আটক কৰে ।
গোলাঘাট আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী - আৰক্ষীয়ে অভিযান চলাই
আৰক্ষীয়ে অভিযান চলাই আবিদ আলীৰ পৰা 5 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে অনিল বৰা নামৰ লোকজনৰ পৰা 24 কিল’গ্ৰাম ভাং জব্দ কৰে ।

গোলাঘাটত আৰক্ষীৰ জালত ড্ৰাগছ আৰু ভাঙ সৰবৰাহকাৰী
গোলাঘাট আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
আৰক্ষীৰ অভিযানত আবিদ আলীৰ পৰা 5 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে অনিল বৰা নামৰ লোকজনৰ পৰা 24 কিল’গ্ৰাম ভাং জব্দ কৰে । গোলাঘাটৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ নিৰ্দেশত এই অভিযান চলা বুলি ফৰকাটিঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ লোক্ৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক
Last Updated : May 21, 2021, 6:07 PM IST