গোলাঘাট,29 মে’: শুকুৰবাৰে নিশা গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান চলালে গোলাঘাট আৰক্ষীয়ে। উক্ত অভিযানত ২.৫ গ্ৰাম ড্ৰাগছ সহ এখন স্কুটীও উদ্ধাৰ কৰিবলৈ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে। গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোলাঘাট নগৰ স্থিত কুমাৰপট্টীৰ পৰা অভিষেক দাস নামৰ এটা ড্ৰাগছ ব্যৱসায়ীকো ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে।
গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান আৰক্ষীৰ - অভিযান
সমগ্ৰ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ এনে সময়তে শুকুৰবাৰে, গোলাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিলে ২.৫ গ্ৰাম ড্ৰাগছ সহ এখন স্কুটী ৷ অভিযানটোত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ল এজন ড্ৰাগছ ব্যৱসায়ীকো ৷
গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান আৰক্ষীৰ
উল্লেখযোগ্য যে,সমগ্ৰ গোলাঘাট জিলাখনক দিনক দিনে ড্ৰাগছে চানি ধৰিছে । ড্ৰাগছৰ কবলত পৰি নিজৰ জীৱন নিজেই ধংস কৰিছে এচাম নৱ প্ৰজন্মই। এনে সময়তে থমকি ৰৈ যোৱা নাই গোলাঘাট আৰক্ষীও। অৱশ্যে, ইটোৰ পিছত সিটো ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও একাংশই আৰক্ষীৰ চকুত ধূলি দি চলাই নিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
লগতে পঢ়ক:চৰাইদেউত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই