গোলাঘাট, 9 ডিচেম্বৰ :গোলাঘাটত ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান। দেওবাৰে নিশা গোলাঘাট আৰক্ষীয়ে চলোৱা অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে এটা ড্ৰাগছ সেৱনকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গোলাঘাটস্থিত শান্তিপুৰত গোপন সূত্ৰৰ আধাৰত অভিযান চলাই আব্দুল কাদিৰ নামৰ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। কাদিৰৰ বাসগৃহৰ পৰা ২৪০ টা চিমপ্লেক্স টেবলেট জব্দ কৰাৰ লগতে ড্ৰাগছ ল'বলৈ ব্যৱহাৰ কৰা বহু সংখ্যক চিৰিঞ্জ উদ্ধাৰ কৰে। কাদিৰৰ ঘৰত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে নতুন আমোলাপট্টিৰ মাধৱজ্যেতি নামৰ এজন ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ কৰে।
গোলাঘাটত আটক ড্ৰাগছ সৰবৰাহকাৰীসহ ড্ৰাগছ আসক্ত যুৱক - গোলাঘাটত আটক ড্ৰাগছ আসক্ত যুৱক
দেওবাৰে নিশা গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই ৷ অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰী এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷
![গোলাঘাটত আটক ড্ৰাগছ সৰবৰাহকাৰীসহ ড্ৰাগছ আসক্ত যুৱক drugs paddler arrested by golaghat police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5314374-thumbnail-3x2-jgiodf.jpg)
গোলাঘাটত আটক ড্ৰাগছ পেডলাৰ আৰু ড্ৰাগছ আসক্ত যুৱক
গোলাঘাটত আটক ড্ৰাগছ পেডলাৰ আৰু ড্ৰাগছ আসক্ত যুৱক
আৰু পঢ়ক : গুৱাহাটী,বদৰপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী