গোলাঘাট, 1 জুলাইঃ ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ ব্যাপক অভিযান ৷ সোমবাৰে বিয়লি অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এহাল দম্পতীক । দিগন্ত হাজৰিকা আৰু ৰুমী হাজৰিকা নামৰ পতী পত্নীক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । গোলাঘাটত অবাধ গতিত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ইপিনে গোলাঘাট জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকৰ কাৰ্যকালত ড্ৰাগছ ব্যৱসায়ীকে ধৰি অপৰাধ জগতৰ সৈতে জড়িত সকলৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰি অহাৰ ফলতেই অপৰাধমূলক ঘটনা বৃদ্ধি পোৱা বুলি অভিযোগ উথাপন হৈ আহিছে । শেহতীয়াকৈ গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰৰ নেতৃত্বত চলিছে অপৰাধীৰ বিৰুদ্ধে ব্যাপক অভিযান । যোৱা প্ৰায় দুটা মাহত ৪০ গৰাকী ড্ৰাগছ পেডলাৰ লগতে ২০ টা দুধৰ্ষ মটৰ চাইকেল চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল গোলাঘাট আৰক্ষীয়ে ।
গোলাঘাটত ড্ৰাগছ সৰবৰাহত জড়িত পতি-পত্নী - ড্ৰাগছ
গোলাঘাটৰ থুৰামুখ কাঠকটীয়াত গোলাঘাট আৰক্ষীৰ অভিযান ৷ পতী পত্নী সহ গ্ৰেপ্তাৰ দিগন্ত হাজৰিকা আৰু ৰুমী হাজৰিকা ৷
ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান
সোমবাৰেও গোলাঘাট আৰক্ষীয়ে ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এহাল দম্পতী । দীৰ্ঘদিন ধৰি নিজা বাসগৃহৰ পৰাই ড্ৰাগছৰ ব্যৱসায় চলাই অহা দম্পতীটোক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । দম্পতীটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিছু সংখ্যক হিৰ’ইন ।