গোলাঘাটত আটক ড্ৰাগছ সৰবৰাহকাৰী - ড্ৰাগছৰ ঘাটি উৎখাত বগীজান আৰক্ষীৰ
ড্ৰাগছৰ ঘাটি উৎখাত বগীজান আৰক্ষীৰ ৷ 10 লাখ টকাৰ ড্ৰাগছসহ 3 জনক গ্ৰেপ্তাৰ ৷ ডিমাপুৰৰ পৰা ড্ৰাগছ আমদানি কৰাৰ কথা স্বীকাৰ ৷
গোলাঘাট, 5 চেপ্তেম্বৰঃ বৃহস্পতিবাৰে গোলাঘাট বগীজান আৰক্ষীৰ জালত পৰিল তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷ দীৰ্ঘদিনৰ পৰা নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মাৰাত্মক ড্ৰাগছ আমদানি কৰি আনি নাহাৰচলা অঞ্চলৰ এটা ড্ৰাগছৰ ঘাটিত চলাই থকা হৈছিল ৰমৰমীয়া ব্যৱসায় ৷ দীর্ঘদিনে অঞ্চলটোৰ এই ঘাটিলৈ কাৰ্বি আংলং জিলাৰ আৰু গোলাঘাট জিলাৰ একাংশ যুৱকে আহি ড্ৰাগছ সেৱন কৰাৰ লগতে চলাই আহিছিল মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা । বগীজান আৰক্ষীয়ে অভিযান চলাই আজি বৃহৎ ড্ৰাগছৰ ঘাটিটো উৎখাত কৰাৰ লগতে ৰাবুল শইকীয়া, মাৰ্টিন কাঠাৰ, ৰবিচন ৰংপি নামৰ যুৱক 3 জনক প্ৰায় 10 লাখ টকা মূল্যৰ ড্ৰাগছৰ সৈতে কৰায়ত্ত কৰে ৷ আৰক্ষী যোৱাৰ সম্ভেদ পাই ঘাটিটোত থকা বহু কেইজন যুৱকে পলাই সাৰিবলৈ সক্ষম হয় ৷