অসম

assam

ETV Bharat / state

সৰুপথাৰৰ খৰাং পীড়িত কৃষকে লাভ কৰিব ক্ষতিপূৰণ - মন্ত্ৰী অশোক সিংহল

সৰুপথাৰ ৰাজহ চক্ৰৰ অধীনৰ কৃষক সকলৰ বাবে আহিল ভাল খবৰ । খৰাঙৰ কৱলত পৰি লোকচানৰ সন্মুখীন হোৱা কৃষকে লাভ কৰিব ক্ষতিপূৰণ ৷

Drought hit farmers in sarupothar to get compensation
সৰুপথাৰৰ খৰাংপীড়িত কৃষকে লাভ কৰিব ক্ষতিপূৰণ

By

Published : Sep 17, 2021, 6:56 PM IST

সৰুপথাৰ, 17 ছেপ্টেম্বৰ :ধনশিৰি মহকুমাৰ সৰুপথাৰ ৰাজহ চক্ৰৰ অধীনৰ কৃষক সকলৰ বাবে আহিল ভাল খবৰ । অচিৰেই খৰাংপীড়িত কৃষকে লাভ কৰিব ক্ষতি পূৰণ । উল্লেখ্য যে, সৰুপথাৰ ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চলত প্ৰায় পোন্ধৰ হাজাৰ কৃষক পৰিয়াল আছে ।

সৰুপথাৰৰ খৰাংপীড়িত কৃষকে লাভ কৰিব ক্ষতিপূৰণ

পৰ্যাপ্ত বৰষুণৰ অভাৱত বিস্তীৰ্ণ অঞ্চল খৰাঙৰ কৱলত পৰিছিল । বহু কৃষকে পানীৰ অভাৱত খেতিপথাৰত হালেই বাব নোৱাৰিলে । তদুপৰি যি সকল কৃষকে খেতি কৰিছিল পানীৰ অভাৱত সেই সকল কৃষকৰ কৃষি ভূমিত এতিয়া চিৰাল ফাঁট মেলিছে । প্ৰখৰ ৰ'দত ৰোৱা ধান জহি-খহি নষ্ট হৈ গৈছে ।

অসম চৰকাৰৰ কেবিনেটে চলিত বর্ষৰ ১৭ জুলাই তাৰিখে সৰুপথাৰক খৰাং পীড়িত অঞ্চল হিচাপে ঘোষণা কৰিছিল আৰু ৰাজ্য চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ লগতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে খৰাং পৰিস্থিতিৰ বুজ ল'বৰ বাবে সৰুপথাৰ খৰাংপীড়িত অঞ্চল পৰিদৰ্শন কৰিছিল ।

লগতে পঢ়ক:কেমেৰাৰ সন্মুখতে ৰূপজ্যোতি কুৰ্মীৰ গালত চৰ !

মন্ত্ৰীদ্বয়ে খৰাং পীড়িত অঞ্চল পৰিভ্ৰমণ কৰি সৰুপথাৰস্থ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ সভাকক্ষত গোলাঘাট জিলাৰ উপায়ুক্ত, স্থানীয় বিধায়ক, ধনশিৰি মহকুমা প্ৰশাসন, কৃষি বিভাগ, জলসিঞ্চন বিভাগ, ৰাজহ চক্ৰৰ বিষয়াৰ লগতে স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হৈছিল । সৰুপথাৰ ৰাজহ চক্ৰৰ অধীনৰ লগতে বন অধ্যুষিত এলেকাৰ কৃষক সকলকে ধৰি ২১ খন পঞ্চায়তৰ খৰাংপীড়িত কৃষক সকলক এককালীন আৰ্থিক সাহাৰ্য দিয়াৰ কথা সদৰী কৰিছিল মন্ত্ৰীদ্বয়ে ।

মন্ত্ৰীৰ ঘোষণাৰ পিছতে খৰাংপীড়িত কৃষকক ক্ষতিপূৰণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও এচাম মধ্যভোগী দালালৰ বাবে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা মর্মে বন্ধ কৰি দিছিল ক্ষতি পূৰণ দিয়াৰ প্ৰাথমিক কাম-কাজ । পুনৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে সৰুপথাৰস্থ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ সভাকক্ষত ধনশিৰি মহকুমাৰ মহকুমাধিপতি, সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া, কৃষি বিভাগ, বন বিভাগ, মণ্ডল কানান গো, গাঁওবুঢ়া, স্থানীয় কৃষক সকলৰ সৈতে আলোচনাত মিলিত হয় ।

লগতে পঢ়ক:৫ খন অত্যাধুনিক জাহাজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

উক্ত আলোচনাৰ পাচতে খৰাং পীড়িত কৃষকক ক্ষতিপূৰণ দিবৰ বাবে প্ৰ-পত্ৰ বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়ক বিশ্বজিৎ ফুকনে । প্ৰ-পত্ৰ সমূহ বিভাগীয় কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰিহে পূৰণ কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে বিধায়ক গৰাকীয়ে ৷ খৰাং পীড়িত কৃষকক ক্ষতিপূৰণ দিয়াৰ প্ৰ-পত্ৰ বিতৰণত মধ্যভোগী দালালে যাতে পুনৰ সুবিধা ল'ব নোৱাৰে তাৰ বাবে চৰকাৰী ছীল মোহৰ থকা প-পত্ৰ হে গ্ৰহণ কৰিলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক:বোকাখাতত মেগা ভেকচিনেচন কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details