অসম

assam

Drinking water problem: খোৱাপানীৰ সমস্যাত অতুল বৰাৰ সমষ্টিৰ এখন গাঁও

By

Published : Jul 13, 2022, 4:30 PM IST

কেৱল বিজ্ঞাপনতে সীমাবদ্ধ জল জীৱন মিছন আঁচনি । খোদ মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এখন গাঁৱৰ ৰাইজে নৈ আৰু জুৰিৰ পানী খাইয়ে জীৱন নিৰ্বাহ কৰিছে (Drinking water problem at Bokakhat)। বছৰ বছৰ ধৰি বোকাখাতৰ শিলভেটা অঞ্চলৰ ৰাইজৰ খোৱাপানীৰ সমস্যা সমাধান হোৱা নাই ।

Drinking water problem
খোৱাপানীৰ সমস্যাত অতুল বৰাৰ সমষ্টিৰ এখন গাঁও

বোকাখাত,১৩ জুলাই :চৰকাৰে খোৱাপানীৰ সমস্যা সমাধানৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে । জল জীৱন মিছনৰ দৰে আঁচনিও হাতত লৈছে (Jal Jeevan Mission in Assam)। চৰকাৰে দাবী কৰা মতে এই আঁচনি বহু ঠাইত ইতিমধ্যে কাৰ্যকৰী হৈছে । কিন্তু ইয়াৰ পৰিৱৰ্তে অসমত এতিয়াও একাংশ লোকে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

খোৱাপানীৰ সমস্যাত অতুল বৰাৰ সমষ্টিৰ এখন গাঁও

গোলাঘাটৰ বোকাখাত সমষ্টিৰ এখন গাঁৱৰ ৰাইজে বৰ্তমানেও খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে (Drinking water crisis in Bokakhat)। নৈ অথবা জুৰিৰ পানীয়ে একমাত্ৰ ভৰষা ৰাইজৰ । মহমাইকী পঞ্চায়তৰ শিলভেটা অঞ্চল জল জীৱন মিছন আঁচনিয়ে ঢুকি পোৱা নাই । এই অঞ্চলটো আচলতে কাৰ্বি আংলং আৰু বোকাখাতৰ সীমান্তৱৰ্তী অঞ্চল ।

স্বাধীনতাৰ ৭৫ বছৰ পিছতো এটুপি খোৱাপানীৰ অভাৱ অঞ্চলটোত । গাঁওখনৰ প্ৰায় ১২০ টা পৰিয়ালৰ বিপৰীতে আছে এটা মাত্ৰ দমকল । কিন্তু দমকলটোৰ অৱস্থাও অতি পুতৌ লগা । সেয়ে কাৰ্বি পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানী খায় জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । ফলত অঞ্চলটোৰ বহু লোক চৰ্মৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ।

বোকাখাতত এটা বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিষয়াৰ কাৰ্যালয় থকাৰ পিছতো বছৰ বছৰ ধৰি খোৱাপানীৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী অতুল বৰাৰ সমষ্টি হোৱা স্বত্ত্বেও সেই অঞ্চলৰ ৰাইজে এনেদৰে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । অতি শীঘ্ৰে অঞ্চলটোত জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰি এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :Protest at Barpeta : বান সাহায্যৰ দাবীত বৰপেটাত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details