অসম

assam

ETV Bharat / state

ডঃ ৰবীন বেনাৰ্জীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি হাতী মানুহৰ সংঘাত দুৰীকৰণৰ প্ৰচেষ্টা - বিশ্ব প্ৰকৃতি সুৰক্ষা দিৱস

বিশ্বখ্যাত প্ৰকৃতিপ্ৰেমী পদ্মশ্ৰী ড0 ৰবীন বেণাৰ্জীৰ ১১১ সংখ্যক জন্ম তিথি আৰু বিশ্ব প্ৰকৃতি সুৰক্ষা দিৱস উপলক্ষে কাজিৰঙা ৱাইল্ডলাইফ চছাইটিৰ উদ্যোগত,বিবেকানন্দ কেন্দ্ৰৰ সহযোগত ৰবীন বেনাৰ্জী সংগ্ৰহালয়ত অনুষ্ঠিত কৰা হয় এক আলোচনা চক্ৰ ৷

ড0 ৰবীন বেনাৰ্জীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি হাতী মানুহ সংঘাত দুৰীকৰণৰ প্ৰচেষ্টা

By

Published : Aug 12, 2019, 5:20 PM IST

গোলাঘাট,12 আগষ্টঃ বিশ্ব বিশ্ৰুত প্ৰকৃতিপ্ৰেমী ডঃ ৰবীণ বেনাৰ্জীৰ ১১১ সংখ্যক জন্ম তিথি আৰু বিশ্ব প্ৰকৃতি সুৰক্ষা দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে গোলাঘাটত ৰবীন বেনাৰ্জী সন্দৰ্ভত এক আলচনা চক্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশেষকৈ হাতী মানুহৰ সংঘাত দূৰীকৰণ বিষয়ক আলোচনা অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত বিশিষ্ট প্ৰকৃতিপ্ৰেমী পশু বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডঃ কেকে শৰ্মাই নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে ।

ড0 ৰবীন বেনাৰ্জীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি হাতী মানুহ সংঘাত দুৰীকৰণৰ প্ৰচেষ্টা

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে। এই কাৰ্যসূচীৰ জৰিয়তে হস্তী সংৰক্ষণৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণ,দেওপাহাৰ সংৰক্ষণৰ ওপৰত বিশেষভাৱে ব্যৱস্থা ল'বলৈ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই।

ABOUT THE AUTHOR

...view details