অসম

assam

By

Published : Jun 12, 2019, 1:58 PM IST

ETV Bharat / state

ডলী ৰয়ক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

যোৰহাটস্থিত বিদেশী ন্যায়াধীকৰণ আদালতে গোলাঘাটৰ বাসিন্দা ডলী ৰয়ক এঘাৰ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে । ডি ভোটাৰ তালিকাত নাম থকা মহিলা গৰাকীয়ে তিনিটাকৈ তাৰিখত আদালতত হাজিৰ নোহোৱাৰ বাবেই বিদেশী ন্যায়াধীকৰণ আদালতে এই শাস্তি প্ৰদান কৰে ।

ডলী ৰয়ক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

গোলাঘাট, ১২ জুন : গোলাঘাটৰ বাসিন্দা ডলী ৰয়ক যোৰহাটস্থিত বিদেশী ন্যায়াধীকৰণ আদালতে দোষী সাব্যস্ত কৰি এঘাৰ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে, ডি ভোটাৰ তালিকাত নাম থকাৰ বাবে 2008 চনৰে পৰাই বিদেশী ন্যায়ধীকৰণত ডলী ৰয়ৰ গোচৰ চলি আছিল । কিন্তু তিনিটাকৈ তাৰিখত মহিলা গৰাকী আদালতত হাজিৰ নোহোৱাৰ বাবেই বিদেশী ন্যায়াধীকৰণ আদালতে এই শাস্তি প্ৰদান কৰে ।

ডলী ৰয়ক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

উল্লেখ্য যে, মহিলাগৰাকীক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ বাবেই নিশাটো গোলাঘাট আৰক্ষীৰ জিম্মাত থকাৰ পাছত বুধবাৰে পুনৰ যোৰহাট ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হয় । সঞ্জীত ৰয়ৰ পত্নী ডলী ৰয়ৰ মাতৃ গৃহ বৰপেটাৰ বহৰি বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details