গোলাগাট, ১১ ডিচেম্বৰ: আজি দেশ জুৰি কৰ্ম বিৰতি পালন কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েছনৰ সদস্যভুক্ত চিকিৎসকে । ৰাজ্যতো অসম চিকিৎসা সেৱা সন্থাৰ গোটসমূহে এল'পেথিক চিকিৎসা আৰু আয়ুৰ্বেদিক চিকিৎসা একত্ৰিকৰণৰ বিৰোধিতাৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে । অসম চিকিৎসা সেৱা সন্থা গোলাঘাট গোটৰ চিকিৎসকসকলেও আজি কৰ্ম বিৰতি পালন কৰি কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনাৰ বিৰোধিতা কৰে । কেন্দ্ৰীয় চৰকাৰে আয়ুৰ্বেদিক চিকিৎসকক আধুনিক শল্য চিকিৎসাৰ বাবে অনুমতি দি সানমিহলি কৰাৰ পৰিকল্পনা কৰিছে ।
গোলাঘাটত চিকিৎসকৰ কৰ্ম বিৰতি - এল'পেথিক
সমগ্ৰ দেশৰ লগতে গোলাঘাটতো কৰ্ম বিৰতি পালন কৰিছে চিকিৎসকসকলে । পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কৰ্ম বিৰতি পালন অসম চিকিৎসা সেৱা সন্থাৰ গোলাঘাট গোটৰ । এল'পেথিক চিকিৎসা আৰু আয়ুৰ্বেদিক চিকিৎসা একত্ৰিকৰণৰ বিৰোধিতা ।

গোলাঘাটত চিকিৎসকৰ কৰ্ম বিৰতি
গোলাঘাটত চিকিৎসকৰ কৰ্ম বিৰতি
চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে চিকিৎসকসকলে । কিয়নো দুয়োটাৰে চিকিৎসা পদ্ধতি পৃথক । দুয়োটা পদ্ধতিক একেলগে চলাই নি ৰোগীৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত বহু সমস্যা আহি পৰিব । সেয়ে আজি ইণ্ডিয়ান মেডিকেল এছ'চিয়েছনৰ নিৰ্দেশ মৰ্মে অসম চিকিৎসা সেৱা সন্থাৰ গোটসমূহে কৰ্ম বিৰতি ঘোষণা কৰাৰ লগতে ঠায়ে ঠায়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰে । পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ জৰুৰীকালীন সেৱাৰ বাহিৰে আন সকলো চিকিৎসা সেৱা বন্ধ হৈ থাকিব ।