সৰুপথাৰ, 4 জুন :গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষীয়ে টেঙানিত এটা বৃহৎ চুলাই ঘাটি উৎখাত কৰাৰ লগতে প্ৰায় 2 হেজাৰ লিটাৰৰো অধিক চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয় ৷ জানিব পাৰা মতে, 1 নং টেঙানিত বহুদিনৰে পৰা এটা বৃহৎ চুলাই মদৰ ঘাটি চলি থকাৰ খবৰ পাই টেঙানী গাঁওৰক্ষী বাহিনীৰ সহযোগত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোছেফ ভি কেভমৰ নেতৃত্বত যোৱা এটা ঘাটিটোত উৎখাত অভিযান চলাই ৷
আৰক্ষী দলে ঘাটিটোত অভিযান চলাই প্ৰায় 2 হেজাৰ লিটাৰৰো অধিক চুলাই মদ নষ্ট কৰাৰ লগতে মদ তৈয়াৰৰ কামত ব্যৱহাৰ কৰা সামগ্ৰী ভাঙি ধ্বংস কৰে ৷ আৰক্ষী যোৱাৰ খবৰ পাইয়ে ঘাটিটোৰ মালিক সহ আন সকল পলাই যায় ৷