গোলাঘাট, 8 জুন : ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে (Health and Family Welfare) জাৰি কৰা স্বাস্থ্য বিভাগৰ নতুন নীতি নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যৰ বিশেষভাৱে সক্ষম লোক সকলক ক‘ভিডৰ টীকাকৰণ (Covid Vaccine)ৰ ব্যৱস্থা কৰিব লাগে ৷
সেই উদ্দেশ্য আগত ৰাখি গোলাঘাট জিলাৰ মৰঙি দীননাথ হাইস্কুলত স্থাপিত আদৰ্শ প্ৰতিষেধক কেন্দ্ৰত জিলাখনৰ বিশেষভাবে সক্ষম ব্যক্তিৰ টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ স্বাস্থ্যকৰ্মী সকলে প্ৰতিজন বিশেষভাৱে সক্ষম লোকক ঘৰৰ পৰা গাড়ীৰে অনাৰ লগতে হুইল চেয়াৰত আদৰি নি টীকাকৰণ কৰা প্ৰক্ৰিয়াৰ সকলোৱে শলাগ লৈছে ৷