অসম

assam

ETV Bharat / state

বিগত ১০ বছৰে নিৰ্মাণ নহ'ল সৰুপথাৰৰ মাজগাঁও-আমগুৰি পথটো - etv bharat assam

চৰকাৰ আহিছে আৰু গৈছে কিন্তু কোনো এখন চৰকাৰৰ গ্ৰাম্য উন্নয়ন আঁচনিয়ে এই পথছোৱা ঢুকি নাপালে বুলি অভিযোগ গাঁওবাসীৰ

বিগত ১০ বছৰে নিৰ্মাণ নহ'ল সৰুপথাৰৰ মাজগাঁও-আমগুৰি পথটো

By

Published : Jun 26, 2019, 1:08 PM IST

সৰুপথাৰ, ২৬ জুন: সৰুপথাৰৰ গোলাঘাট দক্ষিণ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত চুঙাজান মাজগাঁও পঞ্চায়তৰ মাজগাঁও-আমগুৰি সংযোগী পথটোৱে বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। বিগত দহ বছৰে চৰকাৰে এই পথটো মেৰামতি নকৰাৰ ফলত পথছোৱা বোকাময় হৈ বিধস্ত ৰূপ ধাৰণ কৰাৰ অভিযোগ গাঁওবাসীৰ।

বিগত ১০ বছৰে নিৰ্মাণ নহ'ল সৰুপথাৰৰ মাজগাঁও-আমগুৰি পথটো

স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ পথাচাৰীয়ে বহু কষ্টৰে এই পথেৰে অহা যোৱা কৰিবলগীয়া হয় বুলি জনাই গাঁওবাসীয়ে। ইপিনে গাঁওবাসীৰ অভিযোগ অনুসৰি পথৰ দুৰৱস্থাৰ বাবে গাঁও খনলৈ নাহে ১০৮ মৃত্যুঞ্জয় সেৱা। চৰকাৰ আহিছে আৰু গৈছে কিন্তু কোনো এখন চৰকাৰৰ গ্ৰাম্য উন্নয়ন আঁচনিয়ে এই পথছোৱা ঢুকি নাপালে বুলি অভিযোগ দিয়ে গাঁওবাসীৰ। সেয়ে স্থানীয় ৰাইজে এই পথছোৱা মেৰামতি কৰিবৰ বাবে চৰকাৰক দাবী জনায়।

ABOUT THE AUTHOR

...view details