অসম

assam

ETV Bharat / state

গোলাঘাটত ডায়েৰিয়াৰ ভয়াৱহতা ! - গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসমাৰিক চিকিৎসালয় চিকিৎসা গ্ৰহণ কৰিছে আক্ৰান্ত সকলে

গোলাঘাটত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডায়েৰিয়া ৰোগে ৷ শতাধিক লোক আক্ৰান্ত হৈছে এই ৰোগত ৷ গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসমাৰিক চিকিৎসালয় চিকিৎসা গ্ৰহণ কৰিছে আক্ৰান্ত সকলে ৷

গোলাঘাটত ডায়েৰিয়াৰ ভয়াৱহতা

By

Published : Oct 23, 2019, 10:33 PM IST

Updated : Oct 24, 2019, 12:52 PM IST

গোলাঘাট, 23 অক্টোবৰঃ গোলাঘাটত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডায়েৰিয়া ৰোগে ৷ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বামুণ গাঁও,পুৰণিমেলিয়া গাওঁ,চক্ৰধৰা,সন্দিকৈ গাঁৱৰ প্ৰায় শতাধিক লোক আক্ৰান্ত হৈছে ডায়েৰিয়া ৰোগত ৷ গাঁও কেইখনৰ পুৰুষ, মহিলা, বৃদ্ধ,বৃদ্ধা সহ শিশুও আক্ৰান্ত হৈছে এই ৰোগত ৷ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয় চিকিৎসা গ্ৰহণ কৰিছে আক্ৰান্ত সকলে ৷ ইয়াৰ উপৰি ব্যক্তিগত নাৰ্চিং হোমতো চিকিৎসাধীন বহু ৰোগী ৷

গোলাঘাটত ডায়েৰিয়াৰ ভয়াৱহতা

ৰোগত আক্ৰান্ত সকলৰ ক্ষেত্ৰত অত্যাধিক পেটৰ বিষ, জ্বৰ, মূৰৰ বিষ, শৌচ, বমি কৰাৰ লগতে শৌচত তেজ যোৱা বুলি জানিব পৰা গৈছে ৷ ডায়েৰিয়া ৰোগত আক্ৰান্ত বহুকেইজক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

গোলাঘাটত ডায়েৰিয়াৰ ভয়াৱহতা
Last Updated : Oct 24, 2019, 12:52 PM IST

ABOUT THE AUTHOR

...view details