অসম

assam

ETV Bharat / state

গোলাঘাটত 2500 লিটাৰৰো অধিক চুলাই নষ্ট - গেলাবিল অঞ্চল

সোমবাৰে ধনশিৰি মহকুমাৰ গেলাবিলৰ বিভিন্ন অঞ্চলত গেলাবিল আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত বৰপথাৰ আৰক্ষীৰ এটি দলে চুলাই মদকে আদি কৰি চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী নষ্ট কৰে ৷ কিন্তু লক্ষণীয়ভাৱে এই অভিযানত আৱকাৰী বিভাগৰ কোনো বিষয়া উপস্থিত নাছিল ৷

গোলাঘাটত 2500 লিটাৰৰো অধিক চুলাই নষ্ট

By

Published : Mar 26, 2019, 12:23 AM IST

গোলাঘাট, 25মাৰ্চঃ গোলাঘাট আৰু যোৰহাট জিলাত চুলাই পান কৰি ১৫০ জনৰোঅধিক লোক মৃত্যু হোৱাৰ পিছতো আবকাৰী বিভাগৰ গা লৰা নাই ধনশিৰি মহকুমাত ।

সোমবাৰে ধনশিৰি মহকুমাৰ গেলাবিলৰ বিভিন্ন অঞ্চলত গেলাবিল আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত বৰপথাৰ আৰক্ষীৰ এটি দলে চুলাই মদকে আদি কৰি চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী নষ্ট কৰে ৷ কিন্তু লক্ষণীয়ভাৱে এই অভিযানত আৱকাৰী বিভাগৰ কোনো বিষয়া উপস্থিত নাছিল ৷

গোলাঘাটত 2500 লিটাৰৰো অধিক চুলাই নষ্ট

সমগ্ৰ মহকুমাটোৰ বিভিন্ন ঠাইত বহু দিনৰ পৰা অবৈধ চুলাই প্ৰস্তুত কৰি অহাৰ সমান্তৰালকৈ গেলাবিল অঞ্চলতো বহু চুলাই ঘাটি কাঠফুলাৰ দৰে গঢ়ি উঠিছিল ৷ সোমবাৰে বৰপথাৰ আৰক্ষীৰ এটি দলে গেলাবিল অঞ্চলৰ দীঘলগাঞ্জা ,নবিল, দৈয়াং পাৰ, ওপৰলাংঠা আদি ঠাইত দুটা বৃহৎ বৃহৎ চুলাই ঘাটি উচ্ছেদ কৰি ২৫০০ লিটাৰৰো অধিক চুলাই নষ্ট কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে বহু দিনৰ পৰা গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ধনশিৰি মহকুমা আৱকাৰী বিভাগক বাৰম্বাৰ চুলাই ঘাটি সমূহৰ বিষয়ে অৱগত কৰিছিল ৷ কিন্ত ইয়াৰ পিছতো আৱকাৰী বিভাগে কোনো পদক্ষেপ নোলোৱাত চুলাই ব্যৱসায়ীৰ লগত আৱকাৰী বিভাগৰলোকে মিতিৰালি কৰাৰ অভিযোগ উত্থাপন কৰিছে গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শশাংক শ্ৰেষ্ঠই ৷ এই বিষয়ত অসম চৰকাৰক উচিত তদন্ত কৰিবৰ বাবেও গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details