অসম

assam

ETV Bharat / state

সৰুপথাৰত দমকলৰ পৰা ওলাইছে তেল

বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা পানীৰ সৈতে তেলযুক্ত দ্ৰব্য মিহলি হৈ থকাত পৰিয়ালটোৱে ধনশিৰিৰ মহকুমাধিপতিক অৱগত কৰে ৷ জনস্বাস্থ্য বিভাগলৈ সেই আবেদন পঠিওৱাত পৰিয়ালটোৱে দমকলৰ পানী পৰীক্ষা কৰাত পানীত যথেষ্ট পৰিমাণৰ ক্ৰুড অইল থকাৰ তথ্য পোহৰলৈ আহে |

সৰুপথাৰত দমকলৰ পৰা পানীৰ বিপৰীতে ওলাইছে ক্ৰুড অইল

By

Published : Jun 9, 2019, 12:40 PM IST

সৰুপথাৰ, 9 জুনঃ বাৰমুখীয়া গাঁৱত বিগত ৮ মাহ দিন ধৰি দমকলৰ পৰা তেল মিহলি পানী ওলোৱাত সেই পানী সেৱন কৰি ৰোগাক্ৰান্ত হৈছে হেমন্ত শইকীয়া নামৰ লোকজনৰ পৰিয়ালৰ সদস্যসকল ৷ বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা পানীৰ সৈতে তেলযুক্ত দ্ৰব্য মিহলি হৈ থকাত পৰিয়ালটোৱে ধনশিৰিৰ মহকুমাধিপতিক অৱগত কৰে ৷

সৰুপথাৰত দমকলৰ পৰা পানীৰ বিপৰীতে ওলাইছে ক্ৰুড অইল

জনস্বাস্থ্য বিভাগলৈ সেই আবেদন পঠিওৱাত পৰিয়ালটোৱে দমকলৰ পানী পৰীক্ষা কৰাত পানীত যথেষ্ট পৰিমাণৰ ক্ৰুড অইল থকাৰ তথ্য পোহৰলৈ আহে | তদুপৰি পৰিয়ালটোৰ সদস্যসকলৰ সঘনাই হৈ থকা বেমাৰৰ উৎসও পানীয়েই বুলি চিকিৎসকেও অৱগত কৰাত শংকিত হৈ পৰিছে পৰিয়ালটো ৷ ইপিনে অঞ্চলতটোত নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি ৷ যাৰ ফলত দূষিত পানীকে সেৱন কৰিবলগীয়া হৈছে পৰিয়ালটোৰ লোকসকল ৷

লগতে পঢ়কঃ আৰক্ষী চকীৰ শীৰ্ষত ‘নাজিৰা থানা’

ABOUT THE AUTHOR

...view details