অসম

assam

By

Published : Jun 12, 2021, 10:39 AM IST

ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ধনশিৰি আছুৰ

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত একাংশ অঞ্চলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীৰ ম্যাদী পট্টা নথকাৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ বঞ্চিত হ’বলগাত পৰিছে । যাৰ বাবে অঞ্চলসমূহৰ দৰিদ্ৰ তথা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষা গ্ৰহণৰ লগতে চৰকাৰে আগবঢ়োৱা জলপানিৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে । সেয়ে ধনশিৰি আছুৱে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ ৷

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ধনশিৰি আছুৰ
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ধনশিৰি আছুৰ

সৰুপথাৰ, 12 জুন : শুকুৰবাৰে ধনশিৰি মহকুমাৰ একাংশ অধ্যয়নৰত শিক্ষাৰ্থীৰ সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ ধনশিৰি আছুৱে প্ৰেৰণ কৰে স্মাৰক পত্ৰ ৷

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ধনশিৰি আছুৰ

ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানী, চুঙাজান, নাওজান, উৰিয়ামঘাট, গেলাবিল আদি অঞ্চলত বাস কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ম্যাদী পট্টা নথকাৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ বঞ্চিত হ’ব লগাত পৰিছে । যাৰ বাবে অঞ্চলসমূহৰ দৰিদ্ৰ তথা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণত বহুতো সমস্যাৰ সন্মুখীন হৈছে ৷ ইফালে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে আগবঢ়োৱা বিভিন্ন জলপানি, UGC য়ে প্ৰদান কৰা জলপানিৰ পৰাও স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নথকাৰ বাবে বঞ্চিত হৈছে ।

সেয়েহে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ গোলাঘাট জিলাৰ উপায়ুক্তৰ যোগেদি এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:চাপৰৰ হাতীপোতা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details