খুমটাই, 14 আগষ্টঃ অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ আঁচনিৰ অধীনত প্ৰায় 3 কোটি 22 লাখ টকাৰে ধনশিৰি নদীৰ ওপৰত নিৰ্মিত বৃহৎ বান্ধ এবছৰ সম্পূৰ্ণ হ'বলৈ নাপাওতেই বান্ধটোৰ বহু অংশত বৃহৎ ফাটমেলি চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে ৷ বৃহৎ পানী যোগান আঁচনিৰ প্ৰতি লক্ষ্য ৰাখি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই শুভাৰম্ভণি কৰা উক্ত বান্ধটো খহনীয়াৰ কবলত পৰাত স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে ৷ গোলাঘাটৰ ফিজুছ দাস, দেবেন ৰাজখোৱা, আৰু দুগৰাকী আগৰৱালা উপাধিৰ ঠিকাদাৰে বান্ধটো নিমাৰ্ণৰ বাবে ধনৰ আৱন্তন পাইছিল যদিও অতি নিম্নমানৰ কাম কৰি বহু কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ৷
খুমটাইৰ আধাৰসত্ৰত নিৰ্মিত ধনশিৰি নদীবান্ধত বৃহৎ ফাট - দুৰ্যোগ প্ৰশমন বিভাগ অসম চৰকাৰ
অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ আঁচনিৰ অধীনত প্ৰায় 3 কোটি 22 লাখ টকাৰে ধনশিৰি নদীৰ ওপৰত নিৰ্মিত বৃহৎ বান্ধ এবছৰ সম্পূৰ্ণ নহওতেই বান্ধটোৰ বহু অংশত মেলিছে বৃহৎ ফাট, ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগ
খুমটাইৰ আধাৰসত্ৰত নিৰ্মিত ধনশিৰি নদীৰ বৃহৎ বান্ধত বৃহৎ ফাট
উল্লেখযোগ্য যে, এই বৃহৎ বান্ধটো সোনকালে যদি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰে তেন্তে আধাৰসত্ৰকে ধৰি বৃহৎ পানী যোগান আঁচনি নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা আছে ৷ এতিয়া গোলাঘাটৰ ৰাইজে ঠিকাদাৰ কেইগৰাকীয়ে কৰা কামৰ ওপৰত বিশেষ তদন্ত কৰিবলৈ গোলাঘাট জিলা উপায়ুক্তক দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে বান্ধটো পুনৰ নিমাৰ্ণ কৰিবলৈ দাবী জনাইছে ৷