কাজিৰঙা, 15 ডিচেম্বৰ :সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফাই শেহতীয়াকৈ ৰাজ্যত আৰম্ভ কৰিছে গ্ৰেণেড নিক্ষেপ অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফাই গ্ৰেণেড নিক্ষেপ কৰাত একপ্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ বিশেষকৈ সেনা চাউনিৰ কাষৰীয়া এলেকাক লৈ আৰক্ষী-প্ৰশাসন চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷
তাৰ মাজতে শুকুৰবাৰে কাজিৰঙাৰ কহঁৰাত এক সংবাদমেল আয়োজন কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদমেলত কয় যে অ'ত-ত'ত বোমা ফুটাই জনসাধাৰণৰক কষ্ট দিয়াতকৈ আলফা(স্বা)ৰ যদি সাহস আছে তেন্তে তেওঁৰ কাহিলীপাৰাৰ ঘৰ আৰু উলুবাৰীস্থিত কাৰ্যালয়ত বোমা ফুটাওক ৷
সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰাৰ বিপৰীতে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় আৰু বাসগৃহত বোমা দলিয়াবলৈ আলফাক অ’পেন চেলেঞ্জ দিলে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে যিসকল লোকে অসমী আইক ভালপাও বুলি কৈ থাকে, তেওঁলোকেই অসমী আইৰ বুকুত আঘাত হানি আছে ৷ শেহতীয়া বোমা বিস্ফোৰণৰ সন্দৰ্ভত অসম আৰক্ষীয়ে NIAৰ লগত কথা পাতিছে আৰু তদন্তকাৰী এজেন্সীটোৰ দল অসমলৈ আহি থকা বুলি জনাইছে জিপি সিঙে ৷