গোলাঘাট , 15 এপ্ৰিলঃপহিলা বহাগৰ দিনা অৰ্থাৎ মানুহৰ বিহুৰ দিনা গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত অগণন ভকত বৈষ্ণৱৰ ভিৰ পৰিলক্ষিত হয় ৷ মানুহৰ বিহু দিনা আঠখেলীয়া নামঘৰত ভক্ত সকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াই ভগৱানৰ শ্ৰী চৰণত আৰ্শীবাদ লৈ মংগল কামনা কৰে ।
গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত অগণন ভকত বৈষ্ণৱৰ সমাগম - ভকত বৈষ্ণৱ
আজি পহিলা বহাগৰ দিনা অসমীয়া নতুন বছৰটো সুখে শান্তিৰে অতিবাহিত কৰাৰ প্ৰাৰ্থনা কৰিলে ভকত বৈষ্ণৱ সকলে
ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত অগণন ভকত বৈষ্ণৱৰ সমাগম
আজিৰ দিনটোতে সৰুৱে জ্যেষ্ঠজনক সেৱা কৰে আৰু জ্যেষ্ঠজনে সৰুক আৰ্শীবাদ দি বছৰটো মংগল হোৱাৰ কামনা কৰে ৷ আঠখেলীয়া নামঘৰত পুৱাই ভকত বৈষ্ণৱ সকলে প্ৰৱেশ কৰি ভগৱানৰ ওচৰত সেৱা জনাই মনোবাঞ্চা পূৰণ হোৱাৰ কামনাৰে চাকি ধূপ আদি জ্বলাই সেৱা জনাই ভগৱন্তৰ ওচৰত ৷ উল্লেখ্য যে আজি ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱ সকল আহি ঐতিহাসিক গোলাঘাটৰ আঠখেলীয়া নামঘৰত ভিৰ কৰেহি ৷