গোলাঘাট, 25 মাৰ্চ : গোলাঘাটৰ ধূবি চাৰিআলিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড(Massive fire broke out in Golaghat) । অগ্নিকাণ্ডত অঞ্চলটোৰ প্ৰায় ২০ টাতকৈ অধিক বাসগৃহ ভস্মীভূত হয় । দুৱৰা ফাৰ্ণিচাৰ নামৰ এখন ব্যৱসায়িক কাঠৰ গুদামৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । জুইৰ লেলিহান শিখাত দুটাকৈ চিলেণ্ডাৰ বিস্ফোৰণ ঘটাত সমগ্ৰ অঞ্চলটোত জুই বিয়পি পৰে আৰু যাৰ ফলত প্ৰায় 20 টাকৈ বাসগৃহ জাহ যায় ।
ঘটনাস্থলীত বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । তদুপৰি নিৰ্বাপন প্ৰক্ৰিয়াৰ বাবে পৰ্যাপ্ত আন্তঃগাঁঠনিৰ নথকাত জুই নিৰ্বাপনত ব্যৰ্থ হয় গোলাঘাট অগ্নিনিৰ্বাপক বাহিনীৰ দল । যাৰবাবে কাষৰীয়া মেৰাপানী, দেৰগাঁও, নুমলীগড় তেল শোধনাগাৰ, সৰুপথাৰ তথা যোৰহাটৰ পৰা আনিব লগা হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন । অৱশেষত ঘটনাস্থলীত 12 খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ প্ৰায় 4 ঘন্টা চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে কাষতে থকা এটা প্লাষ্টিকৰ গুদামৰ লগতে আন কেইবাটাও বাসগৃহ । ৰাইজৰ তৎপৰতা আৰু বুদ্ধিমত্তাৰ বাবেই কাষতে থকা বাসগৃহকেইটা কথমপি ৰক্ষা পৰে বুলি জানিব পৰা হৈছে ।