গোলাঘাট, ১৪ এপ্ৰিলঃ ৰঙালীৰ উলাহৰ মাজতেই বোকাখাটত ধুমুহাত বিস্তৰ ক্ষতিসাধন । ধুমুহাত শতাধিক পৰিয়ালৰ সা-সম্পত্তিৰ লগতে পোহনীয়া জীৱ-জন্তু তথা খাদ্য-শস্যৰ ক্ষতিসাধন ।
ধুমুহাত বিধ্বস্ত বোকাখাটৰ শতাধিক পৰিয়াল - ধুমুহা
ধুমুহাই বোকাখাটত শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁড়ালকে আদি কৰি পোহনীয়া জন্তুৰ বিস্তুৰ ক্ষতি কৰাৰ উপৰিও কিছুমান পৰিয়ালৰ থাকিবলৈও ঘৰ নোহোৱা অৱস্থাৰ সৃষ্টি কৰিছে ।
ধুমুহাই বোকাখাটত শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁড়ালকে আদি কৰি পোহনীয়া জন্তুৰ বিস্তুৰ ক্ষতি কৰাৰ উপৰিও কিছুমান পৰিয়ালৰ থাকিবলৈও ঘৰ নোহোৱা অৱস্থাৰ সৃষ্টি কৰিছে । কিন্তু দুখৰ বিষয় যে, দূৰ্দশাগ্ৰস্ত ৰাইজক কোনো এটা ৰাজনৈতিক দল, সংগঠনৰ নেতা দূৰৰে কথা গোলাঘাট প্ৰশাসনেও এইপৰ্যন্ত কোনোধৰণৰ সাহাৰ্য আগবঢ়াবলৈ আগবাঢ়ি অহা নাই ৷ ফলত এতিয়া ক্ষুব্ধ হৈ পৰিছে ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজ সকল । নিৰ্বাচনৰ পূৰ্ৱে গাঁৱৰ চুকে-কোণে আহিবলৈ কুণ্ঠাবোধ নকৰা ৰাজনৈতিক নেতাসকলে দুৰ্দিনৰ সময়ত আক্ৰান্ত সকলৰ খবৰ লবলৈ আহৰি নোহোৱাত ক্ষোভত ফাটি পৰিছে ৰাইজ ।