অসম

assam

ETV Bharat / state

দেৰগাঁৱত অবৈধ চুলাইৰ বিৰুদ্ধে মহিলাৰ অভিযান - চুলাই মদৰ ব্যৱসায়

গোলাঘাট আৰু তিতাবৰত চুলাই সেৱন কৰি ইতিমধ্যে ডেৰ শতাধিক লোকে মৃত্যুক আঁকোৱালি লৈছে যদিও দেৰগাঁৱৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত আছে। আবকাৰী বিভাগৰ নিৰ্লিপ্ত ভূমিকাত অতিষ্ঠ হৈ অ়ঞ্চলত মহিলাসকলে নিজেই আগভাগ লৈ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলায়।

দেৰগাঁও

By

Published : Aug 21, 2019, 7:26 PM IST

দেৰগাঁও, 21 আগষ্টঃৰাজ্য জোকাৰি যোৱা উজনিৰ সুৰা ট্ৰেজেদিৰ পিছতো যেন শিক্ষা লোৱা নাই একাংশ লোকে বৰ্তমানেও ৰাজ্যৰ বহু অঞ্চলত কিছু লোকে চলাই গৈছে চুলাই মদৰ ব্যৱসায় ৷ বুধবাৰে অবৈধ চুলাইক লৈ সৰৱ হৈ উঠিল দেৰগাঁৱৰ এজাক মহিলা ৷ হাতে হাতে লাঠি লৈ দেৰগাঁৱৰ ৰঙামাটিত মহিলাই চলালে চুলাই মদ উচ্ছেদ অভিযান ৷ ব্যৱসায়সকলে হাবিৰ মাজত লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰি জ্বলাই দিয়ে ৷ লগতে উচ্ছেদ কৰে কেইবাটাও চুলাই ঘাটি ৷

দেৰগাঁৱত মহিলাৰ চুলাই ঘাটি উচ্ছেদ

ABOUT THE AUTHOR

...view details