অসম

assam

By

Published : Nov 17, 2019, 9:01 PM IST

ETV Bharat / state

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত চুইফট ডিজায়াৰ, নিহত 1

ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত সোমাল চুইফট ডিজায়াৰ ৷ 4 জন লোকৰ অৱস্থা সংকটজনক, নিহত এক ৷

নিয়ন্ত্ৰণ হেৰুৱাই দ খাবৈত চুইফট ডিজায়াৰ

গোলাঘাট, 17 নৱেম্বৰ:গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটিত দেওবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আহত ছজনকৈ লোক ৷ প্ৰাপ্ত তথ্য মতে, বিয়লি ৰঙামাটি দানহ বাবা থানৰ পৰা AS 05J 7163নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনেৰে বোকাখাট অভিমুখে যাত্ৰা কৰোতেই সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ডিভাইদাৰত প্ৰচণ্ড জোৰে খুণ্ডা মাৰি পথৰ কাষত থকা দ' খাৱৈত সোমাই পৰে । ফলত গাড়ীখনত থকা ছজনকৈ যুৱক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ যদিও তাৰে চাৰি জনৰ অৱস্থা সংকটজনক ৷ ঘটনাস্থলীৰ পৰা দেৰগাঁও আৰক্ষীয়ে আটাইকেইজন আঘাতপ্ৰাপ্ত যুৱকক দেৰগাঁও চিকিৎসালয়লৈ নিয়ে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।

আঘাতপ্ৰাপ্ত যুৱক কেইজন দেৰগাঁও জেলেহুৱা গাঁৱৰ সঞ্জীৱ বৰা, ঋতু বৰা, পাৰ্থপ্ৰতিম বৰা, অশোক শইকীয়া, কৌশিক বৰুৱা, আৰু অভিনৱ ( চনু) হাজৰিকা বুলি জানিব পৰা গৈছে। অৱশ্যে শেহতীয়া খবৰ অনুসৰি সঞ্জীৱ বৰা নামৰ যুৱক জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে চাওক-কোনে হত্যা কৰিলে কৃষ্ণক ?

ABOUT THE AUTHOR

...view details