যোৰহাট, 27 জুন :দুৰ্নীতিত লুতুৰি-পুতুৰি দেৰগাঁও পৌৰসভা, এই অভিযোগ উত্থাপন কৰা সংগঠনটোক উভতি ধৰিছে পৌৰপতিয়ে ৷ দুৰ্নীতিৰ প্ৰমাণ দিলে পৌৰপতিয়ে সম্বৰ্ধনা জনাব এই বিশেষ সংগঠনটোক । অসমৰ ভিতৰতে দুৰ্নীতিত লুতুৰি-পুতুৰি খোৱা এখন পৌৰসভাই হ'ল দেৰগাঁও পৌৰসভা, এই অভিযোগ উথাপন কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।
উক্ত অভিযোগৰ ভিত্তিতে মঙলবাৰে পৌৰপতিয়ে আয়োজন কৰে এখন সংবাদমেলৰ ৷ ছাত্ৰ মুক্তিয়ে দেৰগাঁও পৌৰসভা খনক দুৰ্নীতি কৰা বুলি প্ৰমাণ দিব পাৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক দেৰগাঁও পৌৰসভা কাৰ্যালয়লৈ মাতি আনি সম্বৰ্ধনা জনোৱা হ’ব বুলি এই সংবাদমেল সম্বোধন কৰি মন্তব্য প্ৰদান কৰে দেৰগাঁও পৌৰসভাৰ পৌৰপতি ৰূপাঞ্জলী বৰাই । লগতে পৌৰপতিগৰাকীয়ে কয় যে জনমানসত দেৰগাঁও পৌৰসভাক হেয় প্ৰতিপন্ন কৰিবৰ বাবে এনেধৰণৰ মনেসজা মন্তব্য প্ৰদান কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ লগতে পুনৰ তেওঁ কয় যে আজিৰ তাৰিখলকৈ কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱা নাই দেৰগাঁও পৌৰসভা ।