যোৰহাট, 21 জুন :কৈ থাকিলে ওৰকে নপৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী কথা । কাৰণ এই গৰাকী বিধায়কৰ বাবে দেৰগাঁৱ সমষ্টি উন্নয়ন পৰা বঞ্চিত হৈ থাকিব লগা হৈছে ৷ বিধায়কগৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ কথা চিন্তা নকৰাৰ বাবে সমষ্টিটোৰ বিভিন্ন বাট-পথ নিৰ্মাণ নহ’ল আজিলৈকে ৷ পথৰ দুৰৱস্থাই সাধাৰণ জনতাক জ্বলা কলা খুৱাইছে ।
বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ অকৰ্মণ্যতাৰ এক জলন্ত উদাহৰণ হ'ল দেৰগাঁও গাঁও পঞ্চায়ৰ অন্তৰ্গত ফেটা গাঁৱৰ শ শ লোকৰ যাতায়তৰ মূল পথটোৰ দুৰৱস্থা । প্ৰায় ৭ কিলোমিটাৰ দৈঘ্যৰ এই পথটো এতিয়া শিক্ষাৰ্থী আৰু ৰোগীয়া ব্যক্তিসকলৰ বাবে মৰণফান্দ হৈ দেখা দিছে । বাৰিষা কালত উক্ত পথটোৰ ওপৰত সৃষ্টি হোৱা একাঠু পানীৰ বাবেই সৃষ্টি হয় দ গাঁতৰ ৷ প্ৰতিদিনেই উক্ত পথটোৱে দি বিদ্যালয়লৈ অহা-যোৱা কৰিব লগীয়া শিক্ষাৰ্থী বাৰিষা কালত ইউনিফৰ্মতত বোকা লগাৰ বাবে ঘৰলৈ ঘূৰি যোৱাৰো উদাহৰণ আছে ৷