দেৰগাঁও, 4 জুন : দেৰগাঁৱত নিৰ্মাণ হোৱা ড৹ বি আৰ আম্বেদকাৰ ভৱনটো আজিও মুকলি কৰা নহ'ল ৷ যাৰ ফলস্বৰূপে পৰিত্যক্ত আৱস্থাত পৰিছে ড৹ আম্বেদকাৰ ভৱনটো ৷ সেয়েহে ভৱনটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতো ৰাইজৰ বাবে মুকলি কৰাৰ বিপৰীতে এই দৰে ভৱনটো পেলাই থোৱাক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে দেৰগাঁৱৰ দল সংগঠনৰ লগতে সচেতন মহলে ৷
উল্লেখ্য যে, ২০১৪ চনত প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল দেৰগাঁৱৰ ড৹ বি আৰ আম্বেদকাৰ ভৱন ৷ স্থানীয় লোকে সদৰি কৰা মতে ভৱনটো এতিয়া মদ, ভাং, জুৱাৰ আড্ডাস্থলীলৈ ৰূপান্তৰ হৈছে ৷ তদুপৰি আনুষ্ঠানিকভাৱে ভৱনটো মুকলি হোৱাৰ পূৰ্বেই চিৰালফাঁট মেলিছে ভৱনটোৰ পকী বেৰৰ বিভিন্ন অংশত । লগতে কোনো অচিনাক্ত দুৰ্বৃত্তই খিড়িকীৰ গ্লাচবোৰওৱ ভাঙি পেলাইছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।