১১ এপ্ৰিল, গোলাঘাটঃ প্ৰথম পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ প্ৰথম দিনাই ইভিএম মেচিনে ভোটাৰ ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুৱালে ডেৰগাঁও লোকসভা সমষ্টিত । বাতৰি যুগুত কৰা সময়লৈকে দেৰগাঁও আৰু খুমটাই সমষ্টিৰ অন্তৰ্গত প্ৰায় ৮ টা ভোট গ্ৰহন কেন্দ্ৰত ইভিএম মেচিন বিকল হোৱাৰ খবৰ আহি পৰিছে । ইয়াৰ ভিতৰত পুৱ কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয় ,জৰাগুৰি এল পি স্কুল, জৰাগুৰি চোমনীয়া এল পি স্কুল, কোচ গাৱ ৪নং, গড়মৰা, বেচিক এল পি স্কুল, ভকতিয়া, বালিদোৱা আদি ভোটকেন্দ্ৰ সমুহত ইভিএম মেচিন বিকল হৈ পৰে যদিও পৰৱৰ্তী সময়ত তৎপৰতাৰে মেচিন সমূহ বিসংগতি মুক্ত কৰি ইতিমধ্যে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।
ই ভি এম বিসংগতিঃ দেৰগাঁৱৰ ৮ টা ভোটকেন্দ্ৰত পলমকৈ আৰম্ভ হ'ল ভোটগ্ৰহণ - EVM DEFECT
লোকসভা নিৰ্বাচনৰ প্ৰথমটো দিনতে ব্যাপক খলিমেলিৰ মাজেৰে দেৰগাঁৱ আৰু খুমটাই সমষ্টিত আৰম্ভ হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া । বাতৰি যুগুত কৰা পৰ্যন্ত সমষ্টিটোৰ অন্তৰ্গত ৮ স্থানত ই ভি এম বিকল হোৱাৰ বাবে পলমকৈ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ খবৰ লাভ কৰা হৈছে ।
দেৰগাঁৱৰ ই ভি এম বিসংগতি
ইয়াৰে ভিতৰত জৰাগুৰি চোমনীয়া ভোট গ্ৰহন কেন্দ্ৰত প্ৰায় ৯- ৩০ বজাৰ পৰাহে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাট ভোটাৰ সকল ক্ষোভিত হৈ পৰে । ইভিএম বিসংগতিৰ ফলত পলমকৈ ভোটগ্ৰহণ আৰম্ভ হোৱাত প্ৰশাসনৰ গাফিলতিৰ বাবেই এনে হোৱা বুলি ক্ষোভ উজাৰে পুৱাৰে পৰা শাৰী পাতি থকা ভোটাৰ সকলে ।