অসম

assam

ETV Bharat / state

দেৰগাঁৱত ম'বাইল চোৰৰ সন্ত্ৰাস - দেৰগাঁও

বিজেপি চৰকাৰৰ গেছ দিম বুলি এঘৰত সোমাই ম'বাইল লৈ উধাও হ'ল দুৰ্বৃত্ত

ম'বাইল চোৰৰ সন্ত্ৰাস

By

Published : Apr 19, 2019, 4:10 PM IST

দেৰগাঁও, 19 এপ্ৰিল : গণকপুখুৰী যোগনীয়া গাঁৱত এঘৰৰ পৰা চোৰে লুটিলে ম'বাইল ফোন ৷ বৃহস্পতিবাৰে যোগনীয়া গাঁৱৰ এঘৰত প্ৰৱেশ কৰি বিজেপি চৰকাৰৰ দিনৰ চৰকাৰী আঁচনিৰ অধীনত বিনামূল্যে নতুন গেছ চিলিণ্ডাৰ সংযোগ দিয়াৰ বাবে এগৰাকী অচিনাকী লোক আহে ।

ম'বাইল চোৰৰ সন্ত্ৰাস

ঘৰৰ গৃহস্থক বৰ্তমান চৰকাৰৰ বিনামূলীয়া গেছ পাবলৈ হ’লে ভোটাৰ কাৰ্ডৰ জেৰক্স কপি লাগে বুলি কোৱাত ঘৰত থকা ল’ৰা জনে জেৰক্স কৰিবলৈ ওলাই যায় । লগে লগে ভিতৰত থকা এনড্ৰয়ড ম’বাইল ফোনটো লৈ উধাও হয় গেছ দিবলৈ অহা লোক জন । ইতিমধ্যে মোবাইল বিছাৰি দেৰগাঁও আৰক্ষীৰ কাষ চাপিছে ভুক্ত ভোগী পৰিয়ালটো ।

ABOUT THE AUTHOR

...view details