স্বচ্ছ ভাৰত অনাময় আঁচনিৰ নামত ঠিকাদাৰৰ লুণ্ঠন - স্বচ্ছ ভাৰত অভিযান অনাময় আঁচনি
গোলাঘাট কাকডোঙাত স্বচ্ছ ভাৰত অভিযান অনাময় আঁচনিৰ উন্মোচিত নগ্ন ছবি ৷ তিনিমাহেও নিৰ্মাণ সম্পূৰ্ণ নহ'ল শৌচালয়ৰ ৷
গোলাঘাট, 27 আগষ্টঃ গোলাঘাটৰ কাকডোঙাত উন্মোচিত হৈছে স্বচ্ছ ভাৰত অভিযান অনাময় আঁচনিৰ পয়াঁলগা দৃশ্য ৷ দৰিদ্ৰ ৰাইজৰ শৌচালয় নিৰ্মাণত পৰিলক্ষিত হৈছে ব্যাপক অৱহেলা ৷ কাকডোঙা ডুবিয়াল গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি দুলুমনী বৰা নামৰ লোকজনৰ ঘৰত বিভাগীয় ঠিকাদাৰে চৰম হেমাহিৰ পৰিচয় দি চিমেন্ট আৰু বালি ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰি উলিওৱা শৌচালয়টোৱে বিভাগীয় অকৰ্মণ্যতাক পুনৰবাৰ প্ৰমাণিত কৰিলে ৷ নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি অনাময় আঁচনি শৌচালয় নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰ কিম্বা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নে নাই সেয়া সময়তহে লক্ষণীয় হব ৷