অসম

assam

ETV Bharat / state

ইতিহাসে ঢুকি নোপোৱা যুগৰে এটা শৈল্য মন্দিৰ - নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই অৱস্থিত আছে দেওপাহাৰ

নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই আছে দেওপাহাৰ ৷ মহাভাৰতৰ কালৰে পৰাই এই পাহাৰত আছে এটা শৈল্য মন্দিৰ ৷ জন বিশ্বাসমতে এই শৈল্য মন্দিৰটো আছিল দেৱাদিদেৱ মহাদেৱৰ ।

ইতিহাসে ঢুকি নোপোৱা যুগৰে এটা শৈল্য মন্দিৰ
ইতিহাসে ঢুকি নোপোৱা যুগৰে এটা শৈল্য মন্দিৰ

By

Published : Jan 31, 2020, 7:40 PM IST

Updated : Jan 31, 2020, 8:01 PM IST

গোলাঘাট, 31 জানুৱাৰীঃ বৰ্তমান ভগ্নাৱশেষত পৰিণত হৈছে এটা মন্দিৰ ৷ যিটো পাহাৰত মন্দিৰটো অৱস্থিত সেই পাহাৰটোৰো আছে এক বিশেষত্ব ৷ জনশ্ৰুতি অনুযায়ী মহাভাৰতৰ কালৰে পৰা আছে এই মন্দিৰ । মহাভাৰতৰ ভীম আৰু জৰাসন্ধৰ যুদ্ধৰ বিৱৰণ পোৱা যায় এই পাহাৰত । গোলাঘাট জিলাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই অৱস্থিত এই পাহাৰখন দেওপাহাৰ হিচাপে জনাজাত ৷ সহস্ৰাধিক বছৰ পুৰণি শৈল্য মন্দিৰৰ ভগ্নাৱশেষৰ বাবেই বিখ্যাত এই দেওপাহাৰ । জন বিশ্বাসমতে এই শৈল্য মন্দিৰটো আছিল দেৱাদিদেৱ মহাদেৱৰ । য’ত এই মন্দিৰতেই জৰাসন্ধই আৰাধনা কৰিছিল শিৱক ৷ দেও পাহাৰত ভীম আৰু জৰাসন্ধৰ মাজত তুমুল ৰণ হৈছিল বুলি কোৱা হয় ৷ যাৰ ফলত ধ্বংসপ্ৰাপ্ত হৈছিল মন্দিৰটো ৷

ইতিহাসে ঢুকি নোপোৱা যুগৰে এটা শৈল্য মন্দিৰ

ভূঃপ্ৰত্নতাত্বিক বিভাগে পাহাৰখনৰ ওপৰ অংশত খনন চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল মন্দিৰটোৰ মজিয়াৰ অংশ । ইপিনে মন্দিৰটোৰ শিখৰ ভাগ হৈছে পদুম ফুলৰ আকৃতিৰ । মন্দিৰটোৰ দুৱাৰ, স্তম্ভৰ বহু ভগ্নাৱশেষত খোদিত হৈ আছে কীৰ্তিমুখ, কালমকৰ, পশু-পক্ষী আৰু মানবীয় ৰূপ ভংগীমাৰ ভাস্কৰ্য ৷ কোনো কোনো ভগ্নাংশত খোদিত আছে ভাগৱত, ৰামায়ণ আৰু মহাভাৰতৰ ছবি । এক সুকীয়া শিল্পৰূপ বিকাশ সাধন হোৱাৰ সাক্ষী বহন কৰে এই দেওপাহাৰে । অৱশ্যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত মন্দিৰৰ বহু অংশ জহিখহি গৈছে ৷

ইপিনে দেওপাহাৰৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত অৱস্থিত বাবাথান মন্দিৰ । জনশ্ৰুতি মতে দেওপাহাৰৰ শিখৰত থকা মন্দিৰটো ধ্বংস হোৱাৰ পিছতেই নুমলীগড় চাহ বাগিচাৰ সমীপৰ স্থানলৈ স্থানান্তৰ কৰা হৈছিল ঐতিহাসিক শৈল্য মন্দিৰটো । যাক বৰ্তমান বাবাথান মন্দিৰ বুলি জনা যায় ।

থানখনৰ পূজাৰী প্ৰদীপ কন্দলিৰ মতে, তেওঁলোকৰ নৱম উত্তৰ পুৰুষে সপোনত দেখা পাইছিল এই মন্দিৰটো । ১৭১৩ শকৰ ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী তিথিত পীতাম্বৰ কন্দলিয়ে প্ৰতিষ্ঠা কৰিছিল এই বাবাথান মন্দিৰ । চৰকাৰৰ পুৰাতত্ব বিভাগে ভগ্নাৱেশ সমূহ সংৰক্ষণ কৰিছে যদিও সিঁচৰিত হৈ থকা বহু ভগ্নাংশ এতিয়াও সংৰক্ষণ কৰিব পৰা নাই । চৰকাৰে দেওপাহৰৰ এই ঐতিহাসিক স্থানক সু-পৰিকল্পিত ভাৱে সংৰক্ষিত কৰিলে অনাগত দিনত পৰ্যটনৰ এক কেন্দ্ৰবিন্দু হিচাপে পৰিণত হ’ব দেওপাহাৰ ৷

Last Updated : Jan 31, 2020, 8:01 PM IST

ABOUT THE AUTHOR

...view details