অসম

assam

ETV Bharat / state

পৰিৱেশ ব্যৱস্থাৰ উৎসলৈ নামি আহিছে সংকট ! - nambor wildlife sanctuary

ভাৰতবৰ্ষত পোৱা পোন্ধৰ শতকৈ অধিক পখিলাৰ ভিতৰত প্ৰায় তিনিশ বিধ পখিলাই পোৱা যায় নামবৰ,গৰমপানী আৰু নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত ৷ কিন্তু বন ধ্বংস যজ্ঞই সংকট মাতি আনিছে পৰিৱেশ ব্যৱস্থাৰ প্ৰধান উৎস পখিলালৈ ৷

butterfly, Nambor Wildlife sanctuary
পৰিৱেশ ব্যৱস্থাৰ উৎসলৈ নামি আহিছে সংকট !

By

Published : Feb 14, 2020, 8:31 PM IST

Updated : Feb 18, 2020, 8:02 AM IST

গোলাঘাট, 14 ফেব্ৰুৱাৰীঃপখিলাক লৈ কবিৰ অনুভৱৰ অসাধাৰণ বহিঃ প্ৰকাশ । "ফুটুকীয়া সাজ তোমাৰ,হেঙুলীয়া ৰেখা; কেতেকী ৰেণুৰে ঘঁহা, নাচনী পখিলা ।" কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ এই কবিতাটো ৰহন সানিচে পখিলাই ।

পৃথিৱীৰ পৰিৱেশ ব্যৱস্থাৰ জীয়াই ৰখাৰ প্ৰধান উৎস হৈছে পখিলা । বৰ্তমান পখিলাৰ বাসস্থান আৰু খাদ্যৰ প্ৰতি নামি আহিছে বৃহৎ সংকট । বনাঞ্চল ধ্বংস যজ্ঞই সংকট মাতি আনিছে পখিলালৈ । নামবৰ, গৰমপানী আৰু নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যটো একেই দৃশ্য ।গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং বনাঞ্চল হৈছে অন্যতম এক বন্যপ্ৰাণী অভয়াৰাণ্য । ইয়াৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাত অৱস্থিত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যআৰু নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ এই বনাঞ্চল সমূহত দেখা যায় বিভিন্ন বন্যপ্ৰাণী । বিশেষকৈ প্ৰায় তিনিশ বিধ প্ৰজাতিৰ পখিলা পোৱা যায় গৰমপানী, নামবৰ আৰু নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত ।

পখিলা

2016ৰ এক সমীক্ষাঅনুযায়ী 224টাতকৈ অধিক পখিলাৰ প্ৰজাতি পোৱা গৈছিল এই অভয়াৰণ্যসমূহত । ভাৰতবৰ্ষত পোৱা পোন্ধৰ শতকৈ অধিক পখিলাৰ ভিতৰত প্ৰায় তিনিশ বিধ পখিলাই পোৱা যায় এই অভয়াৰণ্যত । আৰু এই বনাঞ্চলত পোৱা মিনাৰেল পখিলাৰ খাদ্যৰ বাবে উপযোগী ।

ইপিনে নামবৰ,গৰমপানী,নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত আছে গৰমপানীৰ এটা উহ । নিৰৱিচ্ছিন্নভাৱে দপদপকে কৈ উতলি থাকে উহটোৰ পানী,যাৰ বাবে এই উহটোক কোৱা হয় গৰমপানীৰ উহ বুলি । গৰমপানীত ওলোৱা ফছফৰাছ চালফাৰ মিনাৰেল পখিলাৰ বাবে উত্তম পানীয় । যাৰবাবে এই বন্যপ্ৰাণী অভয়াৰণ্যত পোৱা যায় বিভিন্ন প্ৰজাতিৰ পখিলা । কিন্তু পৰিতাপৰ কথা বনাঞ্চল ধ্বংস হোৱাৰ লগে-লগে এক প্ৰকাৰেৰে বাসস্থান আৰু খাদ্যৰ অভাৱত ভুগিছে পখিলা।

প্ৰায় তিনিশ বিধ পখিলাই পোৱা অভয়াৰণলৈ সংকট

উল্লেখ যে,1975 চনৰ পৰা 2005 চনলৈকে85 শতাংশ বনাঞ্চল ধ্বংস হৈ বৰ্তমান15 শতাংশ বনাঞ্চল হে সঞ্চিত হৈ ৰৈছে অভয়াৰণ্য সমূহত। কিন্তু এতিয়াও অভয়াৰণ্যৰ মাজেৰে যোৱা 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে তথা নামবৰ নদীৰ কাষে কাষে দেখা পোৱা যায় ৰং বিৰঙৰ বিভিন্ন প্ৰজাতিৰ পখিলা ।

পখিলাই হৈছে শস্য উৎপাদনৰ এক অন্যতম সহায়ক ৷ এপাহ ফুলৰ পৰা আন পাহ ফুললৈ পৰাগ ৰেণু কঢ়িয়াই ফলমূল, শস্য উৎপাদনত সহায় কৰে পখিলাই । এই বিশ্বত যদি পখিলা বা মৌ-মাখি বিলুপ্ত হৈ পৰে তেন্তে জৈৱ বিচিত্ৰত এক বৃহৎ ক্ষতি হৈ ৰ’ব ।

বন বিষয়া, স্থানীয় লোকৰ প্ৰতিক্ৰিয়া

এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হৈছে বন বিভাগ আৰু চৰকাৰে নামবৰ,গৰমপানী আৰু নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ বনাঞ্চল ধ্বংস ৰোধ কৰিবলৈ সক্ষম হ’লে হে সংকটৰ পৰা মুক্ত হ’ব পখিলা। বাঘ,গড়ৰ দৰে আপুৰুগীয়া বন্যপ্ৰাণীৰ সংৰক্ষণৰ চৰকাৰ কতৰ্ব্য যদিও জৈৱ বৈচিত্ৰৰ এক প্ৰধান জীৱ বিশেষ পখিলাৰ সংৰক্ষণটো গুৰুত্ব দিব নে ই এক বৃহৎ প্ৰশ্ন ?

লগতে চাওক- ধুলিয়ৰি বাটেৰে আহিছে উতনুৱা ফাগুন...

Last Updated : Feb 18, 2020, 8:02 AM IST

ABOUT THE AUTHOR

...view details