গোলাঘাট,5 নৱেম্বৰঃগোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত উদ্ধাৰ এটা হৰিণা পহু । সোমবাৰে নিশা বাগিচাখনৰ চাৰিসীমাত থকা কাঁটা তাঁৰত লাগি ধৰা হৰিণাটো উদ্ধাৰ কৰে বাগিচাখনৰ সহ পৰিচালকে ৷ সোমবাৰে বাগিচাখনৰ এজন শ্ৰমিকে হৰিণাটোৰ চিঞৰ শুনি সহ পৰিচালক জনক খবৰ দিয়ে আৰু দুয়ো পহুটো উদ্ধাৰ কৰি সহ পৰিচালকজনৰ বাসভৱনলৈ লৈ আহে । সহ পৰিচালক সবিন ৰক্ষিতে চিকিৎসকৰ জৰিয়তে হৰিণাটোক প্ৰাথমিক চিকিৎসা কৰাই নিশাটো ঘৰতে ৰাখি বন বিভাগক খবৰ দিয়ে । পৰৱৰ্তী সময়ত হৰিণা চাবলৈ বাগিচাখনত সমাগম ঘটে বহু লোকৰ ।
গোলাঘাটৰ শালমৰা চাহ বাগিচাত উদ্ধাৰ হৰিণা পহু - deer recover at assam
বাগিচাখনৰ সহকাৰী পৰিচালক সবিন ৰক্ষিতে উদ্ধাৰ কৰে বিপদগ্ৰস্ত হৰিণাটোক
গোলাঘাটৰ শালমৰা চাহ বাগিচা
হৰিণাটো কোনো লোকৰ চিকাৰ হোৱাৰ আশংকাত অতি গোপনে উদ্ধাৰ কৰি সাংবাদিকক খবৰ দিয়াৰ পাছতহে বন বিভাগক খবৰ দিয়ে বাগিচাখনৰ সহ পৰিচালকগৰাকীয়ে ।
Last Updated : Nov 5, 2019, 6:24 PM IST