অসম

assam

ETV Bharat / state

প্ৰসূতিৰ মৃত্যুক লৈ গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত উত্তেজনা

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসক, নাৰ্চৰ গাফিলতিৰ বাবে প্ৰসূতিৰ মৃত্যুৰ অভিযোগ(Pregnant lady Death in Golaghat Civil Hospital) ৷ প্ৰসূতিগৰাকীৰ পেটত নাৰ্চে গচক মৰাৰো বিস্ফোৰক অভিযোগ প্ৰসূতিগৰাকীৰ আত্মীয়ৰ ।

Death of Pregnant Woman Triggers Tension at Golaghat
প্ৰসূতিৰ মৃত্যুক লৈ গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত উত্তেজনা

By

Published : Mar 20, 2022, 2:26 PM IST

গোলাঘাট, 20 মাৰ্চ :গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত(Golaghat Kushal Konwar Civil Hospital) শনিবাৰে নিশা এগৰাকী প্ৰসূতিক হত্যা কৰাৰ অভিযোগত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্ৰসূতিগৰাকীক সাধাৰণ প্ৰসৱৰ পৰিৱৰ্তে অস্ত্ৰোপচাৰৰ চেষ্টা চলাই চিকিৎসক আৰু নাৰ্চে মাতৃ আৰু নৱজাতকক হত্যা কৰাৰ অভিযোগ কৰিছে প্ৰসূতিগৰাকীৰ আত্মীয়ই ৷

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত ১৭ মাৰ্চত গোলাঘাটৰ বৰপথাৰৰ দীঘলীপথাৰৰ হিৰামণি শ‌ইকীয়া নামৰ প্ৰসূতিগৰাকীক ভৰ্তি কৰা হয় ৷ প্ৰসূতিগৰাকীৰ শনিবাৰে আছিল প্ৰসৱৰ দিন । কিন্তু দিনৰ ১১ বজাতেই প্ৰসূতি কক্ষত ভৰ্তি কৰোৱা প্ৰসূতিগৰাকীক সন্ধিয়ালৈ সাধাৰণ প্ৰসৱৰ পৰা বিৰত ৰখাৰ অভিযোগ কৰিছে আত্মীয়ই ৷ প্ৰসূতিগৰাকীৰ পেটত নাৰ্চে গচক মৰাৰো বিস্ফোৰক অভিযোগ কৰিছে প্ৰসূতিগৰাকীৰ আত্মীয়ই ।

স্বামী অতুল শ‌ইকীয়া

ইয়াৰ পাছতেই শেষত নিশা প্ৰসূতিগৰাকীৰ অকাল মৃত্যু ঘটাত দিকভ্ৰান্ত হয় তেওঁৰ আত্মীয় (Pregnant lady Death in Golaghat Civil Hospital)। ইয়াৰ পাছতেই চিকিৎসালয়খনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰসূতিগৰাকীৰ আত্মীয়‌ই । ইপিনে, অনেক কষ্টৰ পাছতো নিজ পত্নী বচাব নোৱাৰি শোকত ভাগি পৰিছে প্ৰসৃতিগৰাকীৰ স্বামী অতুল শ‌ইকীয়া ।

লগতে পঢ়ক :অদ্ভূত : ডিঙিত বৃশ্চিক ওলোমাই হোলী উদযাপন

ABOUT THE AUTHOR

...view details