অসম

assam

ETV Bharat / state

বিশিষ্ট কংগ্ৰেছ নেতা তথা সমাজকৰ্মী বংশী গগৈৰ দেহাৱসান - বংশী গগৈ খুমটাই

খুমটাইৰ বিশিষ্ট সমাজকৰ্মী বংশী গগৈৰ মৃত্যু। মৃত্যুৰ সময়লৈকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে জড়িত আছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো ঘনিষ্ঠ সম্পৰ্ক আছিল বংশী গগৈ। নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে উপস্থিত হৈ উচুপি উঠিল বিস্মিতা গগৈ।

Death of a social worker and congress leader Bangshi Gogoi at khumtai
বিশিষ্ট কংগ্ৰেছ নেতা সমাজকৰ্মী বংশী গগৈৰ দেহাৱসান

By

Published : Aug 20, 2020, 1:20 PM IST

খুমটাই,20আগষ্টঃ বিশিষ্ট সমাজকৰ্মী আৰু কংগ্ৰেছ নেতা বংশী গগৈ আৰু নাই। জীৱনৰ দীৰ্ঘ সময় সামাজিক কৰ্মৰে ব্যস্ত হৈ থকা খুমটাই সমষ্টিৰ অন্তৰ্গত বাতিপৰিয়াৰ বংশী গগৈ খুমটাইবাসীৰ বাবে খুবেই পৰিচিত আছিল। ৰাজনৈতিকভাবে এইগৰাকী ব্যক্তি একাত্ম হৈ পৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে।

বিশিষ্ট কংগ্ৰেছ নেতা সমাজকৰ্মী বংশী গগৈৰ দেহাৱসান

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতি ঘনিষ্ট আছিল বংশী গগৈ। নিজা গাঁওখনৰো বহু সামাজিক কামত নেতৃত্ব লৈছিল বংশী গগৈয়ে। বৰ্ষীয়ান নেতাগৰাকী খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈৰো পিতৃ স্বৰূপ আছিল। নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি উচুপি উঠিল প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ।

লগতে পঢ়কঃযোৰহাটত ইউৰিয়া সাৰৰ নাটনি, বৃহৎ ক'লা বজাৰ গঢ়ি উঠাৰ অভিযোগ

ABOUT THE AUTHOR

...view details