গোলাঘাট, 19 অক্টোবৰ :গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তে সোমবাৰে জিলাখনৰ নুমলীগড়ত বন্যহস্তী পোৱালিৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত 1 নং চেচাবিল ম'হখুটিত সংঘটিত হৈছে এই ঘটনা ৷
নুমলীগড়ত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ মৃত্যু - বনৰীয়া হাতী
গোলাঘাটত বনৰীয়া হাতীৰ মৃত্যু ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ মৃত্যু ৷
![নুমলীগড়ত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ মৃত্যু Death of a elephan in Numligarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9231913-thumbnail-3x2-ass.jpg)
নুমলীগড়ত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ মৃত্যু
তথ্য অনুসৰি, খাদ্যৰ সন্ধানত মাতৃৰ সৈতে অহা 5 জনীয়া হাতীৰ এটা জাকৰ মাজৰ পৰা পোৱালিটো নলাত পৰি মৃত্যু হয় বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বিগত কেইবাদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷
স্থানীয় লোকৰ মন্তব্য
লগতে পঢ়ক :বৰপেটাত পবিত্ৰ কাতি মহীয়া নাম আৰম্ভ