গোলাঘাট ,11ছেপ্তেম্বৰঃ গোলাঘাট মইনাপাৰা ধনশিৰি নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। কোনো দুৰ্বৃত্তই যুৱকজনক হত্যা কৰি মৃতদেহটো ধনশিৰিত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । মৃতদেহটোৰ ডিঙিত বেল্ট আৰু হাত দুখন ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ।
গোলাঘাটৰ ধনশিৰি নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ - মইনাপাৰা ধনশিৰি নদীত
মৃতদেহটোৰ ডিঙিত বেল্ট আৰু হাত দুখন ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

গোলাঘাটৰ ধনশিৰি নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
গোলাঘাটৰ ধনশিৰি নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
ইপিনে দণ্ডাধীশৰ উপস্থিতত আৰক্ষীয়ে দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সহযোগত ধনশিৰি নদীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো । যুৱকজনৰ বয়স ৩০-৩৫ বছৰ হ’ব বুলি অনুমান কৰা হৈছে । সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ।
লগতে পঢ়কঃ ১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ আৰু ৪ খন নতুন ৰেল