অসম

assam

ETV Bharat / state

গোলাঘাটৰ কাকডোঙা নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ - গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়

শুকুৰবাৰে কাকডোঙা নৈত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ নৈত উটি অহা অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

গোলাঘাটৰ কাকডোঙা নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ
গোলাঘাটৰ কাকডোঙা নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ

By

Published : Jan 8, 2021, 7:50 PM IST

গোলাঘাট, 8 জানুৱাৰী: গোলাঘাট আৰু যোৰহাট জিলাৰ সীমান্তৱৰ্তী কাকডোঙা নৈত উদ্ধাৰ মৃতদেহ । শুকুৰবাৰে বিয়লি নৈত উটি অহা এটা মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত ঘটনীস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ চোমনি আৰক্ষীৰ দলটোৱে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈ মৃতদেহটো চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details