গোলাঘাট, ২৬ মাৰ্চ: ইতিমধ্যে সামৰণি পৰিল ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া গোলাঘাট জিলাৰ ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন । গোলাঘাট সমষ্টিত মুঠ ২,০৫১৯৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ ৯৫ নং গোলাঘাট সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,০২৫১৬ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ল ১,০২৬৮০ গৰাকী । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হ'ল ১,৪১০৯১ গৰাকী । সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা হ'ল ৭০,৩৭৯ গৰাকী আৰু মহিলা ভোটদাতা হ'ল ৭০,৭১২ গৰাকী । দুয়োটা সমষ্টিত নৱ প্ৰজন্মৰ ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ৭৪১৬ গৰাকী ভোটদাতা, ৩৮৮৪ গৰাকী ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আৰু ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আছে । এতিয়ালৈকে ১৭২৭ গৰাকী ভোটদাতাই পষ্টেল বেলটযোগে ভোট সাব্যস্ত কৰে । এইবাৰ ২১ টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ।
বৃহস্পতিবাৰে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে সংবাদমেলযোগে নিৰ্বাচন সম্পৰ্কত মন্তব্য কৰে । গোলাঘাট জিলা প্ৰশাসনে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে বুলি জানিবলৈ দিয়ে গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে । কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭ টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । গোলাঘাট সমষ্টিত ২৮৮ টা আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব ।