গোলাঘাট, 18 জুলাইঃ গোলাঘাট পৌৰ এলেকাত 9 জুলাইৰ পৰা জাৰি কৰা সম্পূৰ্ণ লক ডাউন শুকুৰবাৰে সন্ধিয়া 7 বজাৰ পৰা অন্ত পৰে ৷ সংবাদ মেল আয়োজন কৰি এই কথা প্ৰকাশ কৰে জিলাখনৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে ৷ বৰ্তমান সময়ত পুনৰ গোলাঘাট চহৰত লকডাউন জাৰি কৰা নহ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ অৱশ্য আনলকৰ কেতবোৰ নিয়মৰ লগতে ৰাজ্য চৰকাৰে জাৰি কৰা সাপ্তাহিক লকডাউন চহৰ খনত জাৰি থাকিব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে ৷
সোমবাৰৰ পৰা গোলাঘাট প্ৰশাসনৰ A,B,C নিয়মৰ আধাৰত দোকান সমূহ খুলিবলৈ ব্যৱস্থা কৰিছে ৷ আনহাতে গোলাঘাটত বিগত 5 দিনত কৰা এন্টিজেন টেষ্টৰ জৰিয়তে চিনাক্ত হোৱা ক’ভিড পজিটিভ ৰোগীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি দুটা অঞ্চলক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ সেই দুটা অঞ্চল হৈছে পৌৰ এলেকাত থকা আলুপট্টী আৰু ক’ভিড হাস্পতালৰ পাচফালে থকে কুমাৰপট্টী অঞ্চলৰ পৰা শ্মসান পথৰ এলেকাটো ৷ এই অঞ্চলদুটাত পোৱা গৈছে 102 গৰাকী আক্ৰান্ত ৷