বোকাখাত, 6 নৱেম্বৰ :পৰিৱেশ সংৰক্ষণ, প্ৰদুষণ মুক্ত কাজিৰঙাৰ লগতে অসমত গছ কটা বন্ধ কৰা, স্বাস্থ্য ভালে ৰখাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি গুৱাহাটীৰ পৰা শদিয়ালৈ চাইকেলেৰে যাত্ৰা এটা দলৰ ৷ টিলিঙা স্পৰ্টচ ক্লাবৰ উদ্যোগত আৰু পদ্মাৱতী আলহী ঘৰৰ সহযোগত ১৩ জনীয়া দলটোৱে ৫ নৱেম্বৰ শুকুৰবাবে গুৱাহাটীৰ পৰা শদিয়ালৈ বুলি চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে ৷
কাজিৰঙাত বন বিভাগৰ অতিথিশালাত নিশাটো যাপন কৰি শনিবাৰে পুৱা শদিয়ালৈ বুলি যাত্ৰা আৰম্ভ কৰি বোকাখাতত উপস্থিত হয় দলটি ৷ যাত্ৰাৰ অন্যতম সহযোগী পদ্মাৱতী অতিথিশালাত দলটিয়ে পুৱাৰ আহাৰ গ্ৰহণ কৰি পুনৰ যাত্ৰা আৰম্ভ কৰে ৷ মূলত পৰিৱেশ সংৰক্ষণৰ লগতে চাইকেল চলোৱাৰ উপকাৰিতা আৰু পৰ্যটনৰ লগতে যাতায়তৰ অন্যতম আহিলা চাইকেলৰ প্ৰয়োজনীয়তা সম্পৰ্কত সজাগতা বৃদ্ধিৰ বাবেই এই চাইকেল যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷