অসম

assam

By

Published : Oct 21, 2020, 9:41 PM IST

ETV Bharat / state

নুমলীগড় সীমা শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিদেশী জোতা

কেন্দ্ৰীয় সীমা শুল্ক বিভাগৰ নুমলীগড়ৰ অধীক্ষক অজয় সেন ডেকাৰ নেতৃত্বাধীন অভিযানকাৰী দল এটাই বুধবাৰে মৰিয়নীত এখন বলেৰ' পিকআপ ভানৰ পৰা প্ৰায় 4 লক্ষাধিক টকাৰ বিদেশী জোতা জব্দ কৰে ৷

বিদেশী জোতা
বিদেশী জোতা

গোলাঘাট, 21 অক্টোবৰ:গোলাঘাট জিলাৰ নুমলীগড় সীমা শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিদেশী জোতা ৷ মঙলবাৰে নাগালেণ্ডৰ অসমৰ সীমান্তৰে মৰিয়নীত প্ৰৱেশ কৰা NL-02 Q-8742 নম্বৰৰ বলেৰ’ পিকআপ ভান এখন জব্দ কৰে কেন্দ্ৰীয় সীমা শুল্ক বিভাগৰ নুমলীগড়ৰ অধীক্ষক অজয় সেন ডেকাৰ নেতৃত্বাধীন অভিযানকাৰী দলটোৱে ৷ অভিযানত শুল্ক বিভাগৰ অভিযানকাৰী দলটোৱে ৫৯০ যোৰ জোতা জব্দ কৰে ৷ যাৰ আনুমানিক মূল্য ৪ লক্ষাধিক হ'ব বুলি জানিবলৈ দিয়ে অধীক্ষকগৰাকীয়ে ৷

নুমলীগড় সীমা শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিদেশী জোতা

ABOUT THE AUTHOR

...view details