গোলাঘাট,২৯ মে':গোলাঘাটত চাঞ্চল্য়কৰ ঘটনা । খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই তেল চুৰিৰ চেষ্টা দুষ্ট চক্ৰৰ(Active crude oil theft in Golaghat) । স্থানীয় ব্য়ক্তিৰ তৎপৰতাত সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে অঞ্চলটোৰ ৰাইজ । গৰুৰ চৰাবলৈ যোৱা এজন স্থানীয় লোকে পাইপৰ পৰা তেল নিৰ্গত হৈ থকা দেখা পাই বিভাগীয় কৰ্মৰত স্থানীয় এজন কৰ্মচাৰীক খবৰ দিযাত ৰক্ষা পৰে অঞ্চলটো ।
গোলাঘাট জিলাৰ বাদুলীপাৰ ৰঙামাটি চেউনি কমাৰগাঁৱত পাইপ লাইন ফুটাই খাৰুৱা তেল চুৰি কৰাৰ চেষ্টা চলাইছিল চক্ৰটোৱে(Attempt to steal oil by bursting crude oil conducting pipe) । খুমটাইৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি চেউনি কমাৰগাঁৱৰ ২ নং বাদুলিপাৰ ৰিপিটাৰ্ছ পাম্পৰ পৰা প্ৰায় দুই কি.মি.ৰ দূৰত্বৰ ৰঙামাটিগাঁও পথাৰত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ড । অইল ইণ্ডিয়া লিমিটেডৰ দুলিয়াজানৰ পৰা বাৰাউনিলৈ যোৱা মূল খাৰুৱা তেল পৰিবাহী পাইপত কোনো দুষ্ট চক্ৰই ভেল্ব সংস্থাপন কৰি চেষ্টা চলাইছিল তেল চুৰি কৰাৰ ।
উল্লেখ যে শুকুৰবাৰে গাঁওখনৰ এগৰাকী ব্যক্তিয়ে গৰু চৰাবলৈ যাওঁতে সেই স্থানত তেল নিৰ্গত হৈ থকা প্ৰত্যক্ষ কৰি তাৎক্ষণিকভাৱে স্থানীয় এজন কৰ্মচাৰীক ঘটনা সম্পৰ্কে অৱগত কৰাত নিশাই ঘটনাস্থলীত বিভাগীয় বিষয়া কৰ্মচাৰী আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ এটি দল উপস্থিত হয় । ইফালে নিশাই উপস্থিত হোৱা কৰ্মচাৰী সকলে নিৰ্গত হোৱা খাৰুৱা তেল বন্ধ কৰিবলৈ চেষ্টা চলাই যদিও ব্যৰ্থ হয় ।