অসম

assam

ETV Bharat / state

উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ৰোগীৰ লানি নিচিগা শাৰী

নতুনকৈ মুকলি কৰা হৈছে উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়খন ৷ চিকিৎসালয়খন মুকলিৰ বাবেই যেন অপেক্ষা কৰি ৰৈছিল অঞ্চলবাসী ৷ মুকলিৰ পাচতেই চিকিৎসালয়ৰ চৌহদত ৰোগীৰ লানি নিচিগা শাৰী ৷

etv bharat

By

Published : Jun 19, 2019, 1:08 PM IST

সৰুপথাৰ, 19 জুন: অসম চৰকাৰৰ স্বাস্থ্য বিভাগে শেহতীয়াকৈ উৰিয়ামঘাটত স্থাপন কৰে আদৰ্শ চিকিৎসালয় ৷ 13 জুন তাৰিখে অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাৱে মুকলি কৰে চিকিৎসালয়খন | বিগত সময়চোৱাত চিকিৎসা সেৱাৰ পৰা ব্যাহত থকা অঞ্চলবাসীয়ে যেন চিকিৎসালয়খন মুকলি হোৱালৈকে অপেক্ষা কৰি ৰৈছিল ৷ মুকলিৰ লগে লগে চিকিৎসা সেৱাৰ বাবে চিকিৎসালয়ত আহি ভিৰ কৰিছেহি অঞ্চলটোৰ ৰাইজে ৷

উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ৰোগীৰ লানি নিচিগা শাৰী

উল্লেখ্য যে, নতুনকৈ মুকলি হোৱা এশখন বিচনাযুক্ত উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়খনৰ বাবে সীমান্তবাসীৰ লগতে উপকৃত হৈছে ধনশিৰিবাসী ৰাইজো ৷ তিনি গৰাকী চিকিৎসকৰ সৈতে সংশ্লিষ্ট কৰ্তৃপক্ষই পৰ্যাপ্ত ঔষধ-পাতিৰো যোগান ধৰিছে চিকিৎসা সেৱা কেন্দ্ৰটোত ৷

ABOUT THE AUTHOR

...view details